Advertisment

নেহৰুবালীত 'অসমী ভোগালী মেলা-২০২৫' মুকলি বিধায়ক ৰূপক শৰ্মাৰ

বিগত বৰ্ষসমূহৰ দৰেই এইবেলিও নগাঁও নেহৰুবালীত তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা ২০২৫ আৰম্ভ হৈছে ৷ ১১ জানুৱাৰীৰ সন্ধিয়ালৈ চলিব এই ভোগালী মেলাখন।

author-image
Asomiya Pratidin
New Update
নেহৰুবালীত 'অসমী ভোগালী মেলা-২০২৫' মুকলি বিধায়ক ৰূপক শৰ্মাৰ 

ডিজিটেল সংবাদ, নগাঁও:  বিগত বৰ্ষসমূহৰ দৰেই এইবেলিও নগাঁও নেহৰুবালীত তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা ২০২৫ আৰম্ভ হৈছে ৷ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ সৌজন্যত তথা জিলা মিছন মেনেজমেণ্ট ইউনিত নগাঁৱৰ ব্যৱস্থাপনাত আৰম্ভ হোৱা অসমী ভোগালী মেলা ২০২৫ ত প্ৰতিটো উন্নয়ন খণ্ডৰ পৰা দুখনকৈ প্ৰায় ৩০ ৰো অধিক বিপনীয়ে অংশগ্ৰহণ কৰিছে ৷

Advertisment

মেলাখন আনুষ্ঠানিক ভাবে মুকলি কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ গ্ৰামাঞ্চলৰ উদ্যমী মহিলাসকলৰ আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত পিঠাপনা-চাদৰ মেখেলা,নাৰিকল লাড়ু, পকা মিঠৈ, সান্দহ, কৰাইগুৰি, চিৰা, গুৰ, পানি মেটেকাৰে নিৰ্মিত সামগ্ৰী আদি উপলব্ধ হোবা সামগ্ৰীসমূহ নগাঁওবাসীয়ে সহজতে আৰু সুলভ মূল্যতে লাভ কৰিব পাৰিব।

অহা ১১ জানুৱাৰীৰ সন্ধিয়ালৈ মেলাখনি সামৰণি পৰিব ৷ আজিৰ অনুষ্ঠান সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকন,সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰা,নগাঁও জিলা ইউনিতৰ প্ৰকল্প বিষয়া চন্দন তালুকদাৰসহ অন্যান্য বিষয়াসকলৰ লগতে শতাধিক মহিলা উপস্থিত থাকে ৷

ভোগালী মেলা নেহৰুবালি