/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/b335f4a0-47c2-4b7c-8389-9269c9a7c410/BIGYAN.jpg)
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, কঠীয়াতলী উন্নয়ন খণ্ডৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন
ডিজিটেল সেৱা কঠীয়াতলী: আজি নগাঁও জিলাৰ ৰাঙলু গ্ৰাম বিকাশ পৰিষদত কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তর্গত চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু একাদশ শ্ৰেণীৰ 'বিজ্ঞান অনুসন্ধান-শিশু বিজ্ঞান সমাৰোহ' খনি দিনযোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হয়। ইয়াৰ লগতে কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰকাৰী আৰু বে-চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু অষ্টম শ্ৰেণীৰ বিজ্ঞান ভিত্তিক পোষ্টাৰ ড্ৰয়িং ,বিজ্ঞানৰ আৰ্হি আৰু আকষ্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/670ec056-c89f-4a94-8cc9-a39fd55b0435/7e7b3eb6_b4d1_4b49_b07e_45b4eda4a672.jpg)
সেই উপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকে কঠীয়াতলী খণ্ড শিক্ষা বিষয়া শংকৰ চেত্ৰী, কঠীয়াতলীৰ বিশিষ্ট সাংবাদিক ঘনকান্ত বৰা, কামপুৰ উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক বাচেদ আলী, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ধৰ্মেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক নাজিমুদ্দিন আহমেদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8904a08b-c7b9-4607-8cec-5d758c7be523/2932c344_5309_4155_96d2_200d414afac9.jpg)
এই অনুষ্ঠান পৰিচালনা কৰে আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক নজিবুৰ ৰহমানে।অনুষ্ঠান আৰম্ভণিতে উপস্থিত আমন্ত্ৰিত ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়।এই আদৰণি অনুষ্ঠানৰ আঁত ধৰে নাৰজিনা ৰহমানে।অনুষ্ঠানৰ শেষত স্থানপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰা হয়।
Also Read: পুৰণিগুদাম কবি সন্মিলনৰ 'চোতালে চোতালে কবিৰ মেল' অনুষ্ঠান সম্পন্ন...