/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1326e639-ff1f-48ab-86e0-5c5ad711d3e5/kamal_sarma_3.jpg)
ৰং-তুলিকাৰ মাজত বঢ়মপুৰৰ এজন চিত্ৰশিল্পীৰ জীৱন সংগ্ৰাম...
ডিজিটেল সংবাদ বঢ়মপুৰ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এতিয়া উচ্চ শিখৰত আৰোহণ কৰিছে। প্ৰযুক্তিৰ জয় যাত্ৰাই মানৱ সমাজলৈ আমূল পৰিবৰ্তন কঢ়িয়াই আনিছে। মানুহৰ জীৱন-যাত্ৰাও সলনি হৈছে। প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ ফলত হাতৰ বিদ্যা প্ৰায় নোহোৱাৰ দৰে হৈছে।
বিশেষকৈ ৰং-তুলিকাৰ লগত জড়িত চিত্ৰশিল্পীসকল এতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এসময়ত এই শিল্পীসকলে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজনীয় বেনাৰ,হৰ্ডিং আদি প্ৰস্তুত কৰি কৰ্ম -সংস্থাপনৰ পথ মুকলি কৰিছিল। এতিয়া ফ্লেক্সৰ পয়োভৰ ঘটাত ৰং-তুলিকা বৃত্তিৰ লগত জড়িতসকলৰ কাম নোহোৱাৰ দৰে হৈছে।
ৰং -তুলিকাৰ জৰিয়তে কাপোৰত বেনাৰ আদি প্ৰস্তুত কৰা ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহ এতিয়া বিচাৰি পাবলৈ নাই। এনে এক অৱস্থাৰ মাজতে নগাঁৱৰ এগৰাকী প্ৰবীণ ভাস্কৰ্য তথা চিত্ৰশিল্পীয়ে নিৰন্তৰভাৱে চলাই গৈছে ৰং -তুলিকাৰ কাম।
এইগৰাকী শিল্পী হ'ল নগাঁৱৰ বঢ়মপুৰ ভেৰভেৰী গাঁৱৰ কমল শৰ্মা। বৰ্তমান সময়ত ডিজিটেল বেনাৰ-পোষ্টাৰ, চাইনব'ৰ্ড-হৰ্ডিঙছ আদিৰ প্ৰচলন আৰু ব্যৱসায় চলি থকাৰ সময়তো কমল শৰ্মাই হাতত ৰং-তুলিকা লৈ নীৰৱে অব্যাহত ৰাখিছে নিজৰ সৃষ্টি কৰ্ম। ৰং-তুলিকা হাতত লৈ বহুতৰ বাবে প্ৰস্তুত কৰি আহিছে বেনাৰ-ছাইনব'ৰ্ড আদি।
দুৰ্বল শ্ৰৱণশক্তি, তাৰ পিছতো একান্তমনে নিৰন্তৰভাৱে শিল্পীগৰাকীয়ে আজিৰ দিনত অতিশয় দুৰ্লভ ৰং-তুলিকাৰ বেনাৰ কাৰ্যালয় আদিৰ টেবুলৰ বাবে প্ৰয়োজনীয় নামফলক আদি অংকন কৰি থকা দৃশ্য প্ৰত্যক্ষ কৰিলে সকলোৰে মন পুলকিত কৰি তোলে।
ইয়াৰ উপৰিও শিল্পীগৰাকীয়ে বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ অনুষ্ঠিত ভাওনা, ৰাস, বিহুৰ লগতে বিভিন্ন অনুষ্ঠানৰ সভা -সমিতি আদিৰ মঞ্চসজ্জাৰ কাম নিখুঁতভাৱে কৰি আহিছে। শেহতীয়াকৈ এইজন প্ৰবীণ শিল্পী কমল শৰ্মাৰ জীৱন সংগ্ৰামৰ যাত্ৰা কঠিন হৈ পৰিছে।
প্ৰযুক্তিবিদ্যাৰ উত্তৰণে পৰিয়ালৰ জীবিকা নিৰ্বাহ কৰাত বিপাঙত পেলাইছে সু-নিপুন হাতৰ বিদ্যাৰ অধিকাৰী শিল্পী কমল শৰ্মাক। সুদীৰ্ঘ ৩৮ বছৰ ধৰি এই শিল্পকৰ্মত জড়িত শিল্পীগৰাকীৰ প্ৰতি চৰকাৰে সু -দৃষ্টি দি জীৱিকা নিৰ্বাহৰ বিকল্প পথৰ সন্ধান দিয়াৰ প্ৰয়োজন। প্ৰচাৰ বিমুখ এই শিল্পী জনে আজিও পোৱা নাই শিল্পী পেঞ্চন। সচেতন লোকে শিল্পীগৰাকীক শিল্পী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনাইছে।
Also Read: হাজোৰ ৰামদিয়াত বনৰীয়া হাতীক কেন্দ্ৰ কৰি বন বিভাগক ককৰ্থনা...