APSCত সফলতা অৰ্জন কৰা ৰৌচনা পাৰবিন আকন্দক আমছুৰ সম্বৰ্ধনা

APSCত সফলতা অৰ্জন কৰা ৰৌচনা পাৰবিন আকন্দক আমছুৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং বৰভেটি গাঁৱৰ ৰৌচনা পাৰবিন আকন্দই সদ্য ঘোষিত APSC পৰীক্ষাত সফলতা অৰ্জন কৰিছে। ৰৌচনা পাৰবিন আকন্দই অসম লোকসেৱা আয়োগৰ Assistant Account officer হিচাপে বাচনি হৈ অঞ্চলটো লৈ গৌৰৱ কঢ়িয়াই আনিছে।

পিতৃহাৰা ৰৌচনা পাৰবিন আকন্দক মাতৃ আছিয়া খাতুনে বহু কষ্টেৰে ডাঙৰ দীঘল কৰি সফলতা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শনিবাৰে নগাঁও জিলা আমছুৰ তৰফৰ পৰা পাৰবিনক সাক্ষাৎ কৰি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা কাৰ্যসূচীত নগাঁও জিলা আমছুৰ উপ সভাপতি শ্বাহজাহান আলি, সম্পাদক মোস্তাফিজুৰ ৰহমান, বৰভেটি আৰু কান্ধুলিমাৰী আঞ্চলিক আমছুৰ সভাপতি ক্ৰমে, মেহবোব চৌধুৰী, আবুবক্কৰ চিদ্দিকৰ লগতে কেইবাগৰাকী লোক উপস্থিত থাকে।

APSCত সফলতা অৰ্জন কৰা ৰৌচনা পাৰবিন আকন্দক আমছুৰ সম্বৰ্ধনা
সাজু ৰাম নগৰীঃ ২২,০০০ বাহন পাৰ্কিঙৰ ব্যৱস্থা, ড্ৰোণেৰে কৰিব নিৰীক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in