বটদ্ৰৱাত বিদ্যুৎপৃষ্ট হৈ 'এপিডিচিএল'ৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

বটদ্ৰৱাত বিদ্যুৎপৃষ্ট হৈ 'এপিডিচিএল'ৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত বিদ্যুৎপৃষ্ট হৈ 'এপিডিচিএল'ৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বটদ্ৰৱা শান্তিজান বজাৰস্থিত পাৱাৰ হাউচৰ এজন অস্থায়ী কৰ্মচাৰীৰ বুধবাৰে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়। ইলেকট্ৰিক লাইনত কাম কৰি থকা অৱস্থাত আলিম উদ্দিন নামৰ কৰ্মচাৰী জনে বিদ্যুৎপৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।

Advertisment

ঘটনাৰ বিৱৰণী মতে, বিয়লি বটদ্ৰৱাৰ ভোমোৰাগুৰি শান্তিজান পাৰৰ এটা ট্ৰেঞ্চফৰ্মাৰত কাম কৰি থকা অৱস্থাতে বটদ্ৰৱাৰ পাৱাৰ হাউচৰ পৰা বিদ্যুৎ সংযোগ কৰি দিয়াত ঘটনাতো সংঘাতিত হয়৷

উল্লেখযোগ্য যে, কাম কৰি থকা ঠাইত বিদ্যুৎ বিভাগৰ অভিযন্তাসহ কেইবাজনো কৰ্মচাৰী উপস্থিত থকাৰ পাছতো উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বাবে স্থানীয় লোকে ঘটনাটো ৰহস্যজনক বুলি মন্তব্য দিয়ে।

বটদ্ৰৱাৰ বাটমাৰী নিৱাসী ৩৭ বছৰীয়া আলিম উদ্দিন অতি অমায়িক, নম্ৰ তথা ভদ্ৰ আছিল বুলি মন্তব্য কৰি স্থানীয় ৰাইজে আলিম উদ্দিনৰ মৃত্যুত শোক প্ৰকাশ কৰে। সমাজপ্ৰিয় যুৱক গৰাকীৰ মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনাইছে।

মৃত্যুৰ সময়ত আলিম উদ্দিনে পত্নী, তিনিজন পুত্ৰ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

apdcl