/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2f1d0bb4-2d53-4894-9ca0-6c95be5423e8/photo_new.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শংকৰদেৱ শিশু নিকেতন বটদ্ৰৱাৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত অংশগ্ৰহন কৰি শংকৰদেৱ শিশু নিকেতন বটদ্ৰৱাৰ পৰিচালনা সমিতিৰ উপ সভাপতি সুনিল বৰুৱাই "ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে নৈতিক, আধ্যাত্মিক আৰু সাংস্কৃতিক জ্ঞান আহৰণ কৰি সফল মানৱ হিচাপে নিজকে গঢ় দিব লাগে" বুলি মন্তব্য কৰে।
নিকেতনৰ প্ৰধান আচাৰ্য সোনামণি কলিতাই আঁত ধৰা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ সম্পাদক পৰাগ কুমাৰ কলিতা, কোষাধ্যক্ষ গনেশ দাসকে আদি কৰি আচাৰ্য-আচাৰ্যা, অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। স্বৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা কবিতা আবৃত্তি, চুটি নাটক, গীত-নৃত্যৰ অনুষ্ঠানে মুখৰিত হৈ পৰে ।
Also Read: জোনমণি ৰাভাৰ মাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি বিজেপি অসম প্ৰদেশৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us