কামপুৰত আশাকৰ্মীৰ বাৰ্ষিক অভিৱৰ্তনৰ সফল সামৰণি

AGRANI KHABAR
AGRANI KHABAR

ডিজিটেল সংবাদ, কামপুৰঃ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কামপুৰ স্বৰাজ ভৱন প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে আশাকৰ্মী সকলৰ বাৰ্ষিক অভিৱৰ্তনখনি অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ১০বজাত কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেন বেজবৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰয়াত আশা কৰ্মীসকলৰ স্মৃতিত পুস্পাঞ্জলি অৰ্পণ কৰে। মুকলি সভাৰ আৰম্ভণিতে আশা ছুপাৰভাইচাৰ দময়ন্তী হাজৰিকাৰ পৰিচালনাত' শংকৰ আজানৰ দেশ অ এইখন' সমবেত গীতটি সুন্দৰ ৰূপে পৰিৱেশন কৰে।

মুকলি সভাত সভাপতিত্ব কৰে খণ্ড প্ৰাথমিক মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেন বেজবৰুৱাই। আদৰণি অনুষ্ঠানৰ আঁতধৰে খণ্ড সমল ব্যক্তি পুস্পাঞ্জলী বৰঠাকুৰে।  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্বাস্থ্য কেন্দ্ৰৰ সমাজ জৰিতকৰণ কাউন্সিলৰ আৰাধনা বৰুৱাই। আশাকৰ্মীসকলৰ ত্যাগ আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই অসমৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তন কৰাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে জিলা প্ৰতিষেধক বিষয়া ডা়ঃ মুকুট ডেকা, খণ্ড আঁচনি প্ৰবন্ধক প্ৰাণদীপ নাথ, জ্যেষ্ঠ চিকিৎসক খিৰকান্ত দাস,  জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰা, জিলা সংবাদ বিশেজ্ঞ উদয় ডেকাৰ লগতে কেইবাজনো স্বাস্থ্য কৰ্মীয়ে সাৰুৱা ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত স্বাস্থ্য খণ্ডটোৰ বাবে নিস্বাৰ্থ আৰু আন্তৰিকতাৰে সেৱা আগবঢ়ায় যোৱা তিনিগৰাকী আশা কৰ্মীক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদান কৰা হয় ক্ৰমে পূৰ্ণিমা শইকীয়া, (বঢ়মপুৰ), ৰূমা দত্ত (শিঙিমাৰী), দিলোৱাৰা বেগম (কঠীয়াতলী)। তিনি শতাধিক আশাকৰ্মী উপস্থিত থকা অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে খণ্ড গানণিক কৃষ্ণকুমাৰ সাহানী, গাননিক মেনেজাৰ প্ৰবীণ হাজং। বিভিন্ন নৃত্য-গীত পৰিৱেশনৰ মাজেৰে আশা কৰ্মী অভিৱৰ্তনৰ সফল সামৰণি পৰে।

AGRANI KHABAR
মঙলদৈৰ ৰাজপথত আছুৱে জ্বলালে 'কা'ৰ প্ৰতিলিপি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in