/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/sd2jyo1e/AP-FOR-WEB-adil-hussain-.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০২৪ বৰ্ষৰ 'আনন্দৰাম ঢেকিয়াল ফুকন' বঁটা প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমৰ প্ৰসিদ্ধ অভিনেতা তথা অসম গৌৰৱ আদিল হুছেইনক। আজি মহাবিদ্যালয় খনৰ মূল প্ৰেক্ষাগৃহত আয়োজন কৰা অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰসিদ্ধ অভিনেতা গৰাকীক এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিশেষ অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ননীগোপাল মহন্ত।
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হৈ ননীগোপাল মহন্তই এই সন্মান প্ৰদান কৰে বৰেণ্য শিল্পী গৰাকীক। এই বঁটাটিৰ লগত অংগ বস্ত্ৰ, বঁটা স্মাৰক, সন্মান পত্ৰ, মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত গ্ৰন্থৰ টোপোলা, নগদ ধন আৰু অন্যান্য উপহাৰ সামগ্ৰী প্ৰদান কৰে। মহাবিদ্যালয় শৈক্ষিক গোট, ছাত্র একতা সভা আৰু প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলনৰ তৰফৰ পৰাও বিশিষ্ট শিল্পী গৰাকীক সুকীয়া সুকীয়াকৈ আদৰণি জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/49w9fyeh/c32fb3b6-de9b-4e2e-9dd5-6d2ea3e4f497.jpg)
বঁটা গ্ৰহণ কৰি বিশিষ্ট শিল্পী গৰাকীয়ে কয়, "অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠাতা আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে মহান অসমীয়াৰ নামত প্ৰদান কৰা এই সন্মান মোৰ দৰে এজন সাধাৰণ সাংস্কৃতিক কৰ্মীলৈ আগবঢ়াব বুলি মই ভবা নাছিলোঁ। এই সন্মানে মোৰ দায়িত্ব আৰু বঢ়াই দিলে। জীৱনৰ ত্ৰিশটা বছৰত আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা তথা অসমৰ সমাজ জীৱনলৈ যি বিশাল অৱদান আগবঢ়াই গ'ল তাৰ তুলনাত মই আজি ষাঠি বছৰ বয়সত তাৰ এশ ভাগৰ এভাগো হয়তো কৰিব পৰা নাই। সেয়ে এই সন্মান মোৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব।"
তেখেতে লগত কয়, অসমৰ মানুহে ঢেকিয়াল ফুকনৰ জীৱন দৰ্শন আৰু তেখেতৰ সৃষ্টিক হৃদয়ত লৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিটো গীতৰ শব্দৰ অৰ্থক শুদ্ধকৈ জানি বুজি হৃদয়ংগম কৰি আগবাঢ়িব পাৰিলেই অসমীয়া জাতিয়ে কেতিয়াও পাছলৈ ঘুৰি চাব নালাগে। ছাত্র-ছাত্ৰী সকলৰ লগত হোৱা অন্তৰংগ আলাপত শিল্পী গৰাকীয়ে কয়, মই যেতিয়া সৰু আছিলো সেইখিনি সময়ৰ সমাজ খনত শিক্ষক সকল সকলোতকৈ সন্মানীয় ব্যক্তি আছিল। কিন্তু আজিৰ সমাজ ব্যৱস্থাত শিক্ষকতকৈ ধনী সকলেহে অধিক সন্মান পোৱা দেখা যায় । সৰস্বতীতকৈ লক্ষীৰ গুৰুত্ব যেতিয়া বেছি বাঢ়ি যাব তেতিয়াই সৰস্বতী ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা আঁতৰি যাব। যিটো সমাজ ব্যৱস্থাৰ বাবে অতি ভয়াবহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/ttuwwpo1/a020151a-782a-483b-a498-4189935d1dce.jpg)
উল্লেখ্য যে, ছাত্র- ছাত্ৰী সকলক জীৱন সফল হ'বৰ বাবে প্ৰতিটো কাম একাগ্ৰতাৰে কৰি যোৱাৰ পৰামৰ্শ আগবঢ়াই শিল্পী গৰাকীয়ে। নিজৰ ভাল লগা কথাটো ভাবি নিজৰ লক্ষ্যত আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিব লাগে । তাত তেতিয়া অভাৱ-অনাতন,ৰ'দ,বৰষুণ, নদী, পাহাৰ একোৱে বাধাৰ প্ৰাচীৰ হৈ দেখা নিদিয়ে আৰু এয়া মোৰ জীৱনৰ ব্যক্তিগত বাস্তৱ অনুভৱ বুলি ব্যক্ত কৰে শিল্পী গৰাকীয়ে ।
বঁটা প্ৰদান কৰি দিয়া ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই আদিল হুছেইনৰ জীৱন দৰ্শন আৰু তেখেতৰ কৰ্মৰ এক বিশ্লেষণ দাঙি ধৰে । আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সদানন্দ পায়েঙে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কৌশিক নাথ , প্ৰসিদ্ধ কবি বিপুল জ্যোতি শইকীয়া আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চেনীৰাম বৈদ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/5tt9enn5/096e6d45-fc69-4d12-ae39-313efdf86ca1.jpg)
ইয়াৰ উপৰিও সভাখনত মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্র ছাত্ৰী তথা নগাঁৱৰ সাহিত্য সাংস্কৃতিক ক্ষেত্ৰ খনলৈ অৱদান আগবঢ়োৱা বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ কৰা প্ৰয়োজন, পূৰ্বে এই বঁটা আগবঢ়োৱা হৈছিল বিশিষ্ট বিজ্ঞানী বিদ্যুৎ কুমাৰ ভূঞা, ভাষাতত্ত্ববিদ নাহেন্দ্ৰ পাদুন,অভিনেতা বিষ্ণু খাৰঘৰীয়া,পদ্মশ্ৰী বিৰুবালা ৰাভা, সাহিত্যিক য়েছে দৰজে ঠংচি আৰু শিল্পী বীৰেণ সিংহলৈ ।
Also Read: সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আপ ৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা