নগাঁও মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান বঁটা...

অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া স্বৰূপ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (অট'নমাচ)ক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
নগাঁও মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান বঁটা...

ডিজিটেল সংবাদ, নগাঁও: অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া স্বৰূপ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (অট'নমাচ)ক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান বঁটা প্ৰদান কৰা হয়। শিক্ষা, গৱেষণা আৰু বহিঃসংযোগ কাৰ্যসূচীৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্ট মানদণ্ডৰ পাৰদৰ্শিতাৰ বাবে World Education Congressয়ে নগাঁও মহাবিদ্যালয় (অট'নমাচ)ক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শৈক্ষিক প্ৰতিষ্ঠান প্ৰদান কৰে।

Advertisment

গুৱাহাটীৰ Vivanta হোটেলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত World Education Congressৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰে। নগাওঁ কলেজ (অট'নমাচ) ৰ হৈ এই বঁটা গ্ৰহণ কৰে আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই।কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে নগাঁও কলেজ(অট'নমাচ)ক প্ৰদান কৰা এই বঁটাৰ বাবে World Education Congress ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কলেজৰ সমূহ পৰিয়ালবৰ্গকে শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য যে, এই বঁটাই কলেজৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ- ছাত্ৰীসকলক উৎসাহ -উদ্দীপনা যোগোৱাৰ লগতে গুণগত শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব । বঁটা গ্ৰহণ কৰি সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই মত প্ৰকাশ কৰে যে, এই বঁটাই নগাঁও কলেজ পৰিয়ালৰ দায়বদ্ধতা দুগুণে বৃদ্ধি কৰিব আৰু ভৱিষ্যতে শিক্ষা, গৱেষণা আৰু বহিঃসংযোগ কাৰ্যসূচী আগুৱাই লৈ যোৱাত সহায়ক হ'ব।

Also Read: চৰ্চিত: গ্ৰেণ্ড ফাইনেল আৰু নয়নজ্যেতি-শান্তা...

Nagoan College