ডেলিভাৰী বয়ৰ মূৰত চিগি পৰিল উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ

ডেলিভাৰী বয়ৰ মূৰত চিগি পৰিল উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ বাসুগাঁও চহৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।স্কুটি আৰোহী পাৰ্চেল ডেলীভাৰী বয়ৰ মুৰত চিগি পৰিল উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ।

বাসুগাঁও চহৰৰ ২ নং ৱাৰ্ডৰ পথেৰে গৈ থকা সময়তে আকস্মিকভাৱে বৈদ্যুতিক তাঁৰ চিগি ডেলিভাৰী বয়জনৰ মূৰত পৰাত বৈদ্যুতিক সংস্পৰ্শত আহে যদিও কথমপি প্ৰাণৰক্ষা পৰে। সা-সামগ্ৰী বিতৰণ কৰি ফুৰা ল'ৰাজনৰ নাম জয়ৰাজ ৰায় (৩৮) ।

উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হয় । ইপিনে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শ লৈ অহাত বিতৰণ কৰিবলৈ অনা কিছু সামগ্ৰীৰ বিনষ্ট হয় বুলি জানিবলৈ দিয়ে ।

বৈদ্যুতিক তাঁৰ চিগি পথচাৰীৰ মূৰত পৰি যোৱাৰ খবৰ দিয়াৰ আধা ঘণ্টা সময় অতিক্ৰম কৰাৰ পাছতো বিদ্যুত বিভাগৰ কোনো এজন বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰিছে। বিভাগৰ কোনো এজনেও খা-খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ডেলিভাৰী বয় জয়ৰাজ ৰায়ে। বিভাগৰ হেমাহিৰ বাবেই আজি এই তেওঁৰ সৈতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰে ।

ডেলিভাৰী বয়ৰ মূৰত চিগি পৰিল উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ
কলিয়াবৰত বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in