/asomiyapratidin/media/media_files/2025/06/09/xRPfBwXRp7SCsZssG8nN.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ দশম শ্ৰেণীৰ কেইবাগৰাকীও ছাত্ৰী শ্ৰেণীকোঠাত বিগত দুটাকৈ দিনত অচেতন হৈ পৰাৰ ঘটনা সংঘটিত হৈছে। তাৰোপৰি দুগৰাকী ছাত্ৰীয়ে কৰা অস্বাভাৱিক আচৰণৰ গইনা লৈ ন্যস্ত স্বাৰ্থ মহলে ঘটনাটোক ভৌতিক ক্ৰিয়া-কলাপৰ বিষয় বুলি প্ৰচাৰ আৰম্ভ কৰিছে।
ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে সময়তে সোমবাৰে বিদ্যালয়খনত উপস্থিত হৈছে অসম বিজ্ঞান সমিতিৰ এটা প্ৰতিনিধি দল। কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ সম্পাদক ভূপেন শৰ্মাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে বিদ্যালয়খনৰ ক্ষেত্ৰ ভিত্তিক পৰিবেশ অধ্যয়ন কৰাৰ লগতে প্ৰধান শিক্ষকগৰাকীৰ সৈতে আলোচনাত মিলিত হয়।
বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ মতে- বিদ্যালয়খনৰ কিছু সংখ্যক শিক্ষাৰ্থী শাৰিৰীকভাৱে কিছু দুৰ্বল হোৱাৰ উপৰি কোনো কোনোৱে ভালকৈ খাই-বৈ নাহে। তদুপৰি দশম শ্ৰেণাৰ কোঠাৰ সমুখৰ নৱনিৰ্মিত এটা কোঠাৰ টিনপাতত পৰা ৰ'দৰ প্ৰতিফলনে শিক্ষাৰ্থীৰ চকুত ধৰাত আৰু খিৰিকীৰে অহা পোহৰৰ প্ৰতিফলনৰ বাবে ব্লেক ব'ৰ্ডৰ আখৰ পঢ়িবলৈ অসুবিধা হয়। ফলত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দুৱাৰ আৰু খিৰিকী বন্ধ কৰি লৈছিল।
গৰমৰ দিন হোৱাৰ বাবে সেইদৰে দুৱাৰ-খিৰিকী বন্ধ কৰি লোৱাত কোঠাটোত এটা অসহনীয় অৱস্থাৰ সৃষ্টি হোৱাৰ ফলতে এইধৰণৰ ঘটনা ঘটে বুলি সন্দেহ কৰিছে। ইয়াকে লৈ কোনোৱে ভৌতিক ঘটনা বুলি বেজ মাতি অনাত আৰু স্থানীয় ৰাইজৰো একাংশই বেজৰ কথাতেই হয়ভৰ দিয়াত পৰিস্থিতি উত্তেজনাপূৰ্ণ হয় বুলি স্বীকাৰ কৰে।
প্ৰধান শিক্ষকগৰাকীয়ে সদ্যহতে সেই শ্ৰেণীকোঠাটো সলনি কৰা হৈছে বুলি প্ৰতিনিধি দলটিক জানিবলৈ দিয়ে। প্ৰতিনিধি দলটিয়ে পূৰ্বৰ শ্ৰেণীকোঠাটো নিৰীক্ষণ কৰি পায় যে ২০× ২৫ বৰ্গফুটৰ কোঠাটোত ৮০ গৰাকী শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰে।
তদুপৰি কোঠাটোত খিৰিকীৰ সংখ্যা কম। প্ৰতিনিধি দলটোৱে বিদ্যালয়ৰ প্ৰধান শিক্ষকক শ্ৰেণীকোঠাটো পাঠদানৰ উপযোগী কৰিবলৈ পৰামৰ্শ দিয়াৰ উপৰি বেজৰ অবৈজ্ঞানিক কথাৰে পৰিচালিত নহ'বলৈ আহ্বান জনায় আৰু প্ৰয়োজনত আৰক্ষীৰ সহায় ল'বলৈ পৰামৰ্শ আগবঢ়ায়। চৰকাৰী এই বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সংখ্যা কমাবলৈও ন্যস্ত স্বাৰ্থ মহলে এই ভূত-প্ৰেতৰ প্ৰচাৰ চলোৱা বুলি প্ৰতিনিধি দলটোৱে সন্দেহ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে প্ৰতিনিধি দলটোৱে ভুক্তভোগী শিক্ষাৰ্থীৰ চিকিৎসকৰ পৰাও জানিব পাৰে যে শিক্ষাৰ্থীসকলৰ শাৰীৰিক কোনো অসুস্থতা নাই। বেজ- বেজালিৰ চৰ্চাই প্ৰাধান্য পোৱা বাবে বা অতিপাত গৰমৰ বাবে সাময়িক মানসিক চাপৰ বাবে এনেকুৱা হ'ব পাৰে।
উল্লেখযোগ্য যে এই ঘটনাৰ পিছত বিদ্যালয়খনলত শিক্ষাৰ্থীৰ উপস্থিতি কমিছে। প্ৰতিনিধি দলটিক প্ৰধান শিক্ষকে জানিবলৈ দিয়ে যে আজিৰ দিনটোত দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত মাত্ৰ দুগৰাকী ছাত্ৰীহে উপস্থিত আছে আৰু বাকী শ্ৰেণীসমূহতো আধাসংখ্যক শিক্ষাৰ্থীয়েই উপস্থিত নাই।
বিজ্ঞান সমিতিৰ প্ৰতিনিধি দলটোৱে আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰকীক লগ ধৰি বেজ-বেজালিৰ প্ৰভাৱে যাতে বিদ্যালয়খনক অসুবিধাত নেপেলায় তাৰ প্ৰতি নজৰ দিবলৈ অনুৰোধ জনায়। অসম বিজ্ঞান সমিতিৰ প্ৰতিনিধি দলটিত অসম বিজ্ঞান সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা কলিয়াবৰ শাখা বিজ্ঞান সমিতিৰ সম্পাদক ভূপেন শৰ্মা, প্ৰাক্তন যুটীয়া সচিব পংকজ কুমাৰ বৰুৱা, বিজ্ঞান সমিতিৰ আজীৱন সভ্য ভবেন্দ্ৰ বৰুৱা,অসম বিজ্ঞান সমিতিৰ আমবাগান শাখাৰ সভাপতি ৰতন মণ্ডল আৰু সদস্য হৰিশ মণ্ডলে অংশগ্ৰহণ কৰে।