কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

author-image
Asomiya Pratidin
New Update
কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ দক্ষিণ অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহাবিদ্যালয়ত এখনি প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত কৰা হয়। দেওবাৰে মহাবিদ্যালয়খনত 'প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ সমাৰোহ ২০২৩ স্মৃতি সুবাস বিচাৰি' শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

এই অনুষ্ঠানটিত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ মিনি দেৱীয়ে। সভাখনত মহাবিদ্যালয়খনৰ পৰা শিক্ষা সাং কৰি বিভিন্ন কৰ্মত নিয়োজিত হৈ থকা বহুসংখ্যক প্ৰাক্তন ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজিত সভাখনত সমাৰোহৰ সভাপতি প্ৰশান্ত শৰ্মা,উদালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অৰুণ বৰা,কাৰ্যকৰী সভাপতি অমিয় কুমাৰ বৰা,প্ৰকাশ ভূঞা আদিকে ধৰি মহাবিদ্যালয়ৰ প্ৰবক্তাসকল উপস্থিত থাকে। সভাখনৰ আঁত ধৰে প্ৰবক্তা দেৱাশীষ শইকীয়া আৰু পাৰুল ভূঞা আৰু দ্বীপ কলিতাই।

Also Read: দায়িত্বহীন জিঅ পি অইল চাৰ্ভে ! তেল অম্বেষণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে বৰডুমচাৰ ২ জন শ্ৰমিকে

Kampur College Alumni