/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/6hxqalrm/nagaon 26.jpg)
সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ বাৰ্ষিক সমাৱৰ্তন সম্পন্ন...
ডিজিটেল সংবাদ বটদ্ৰৱাঃনগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ বাৰ্ষিক সমাৱৰ্তন যোৱা ২৫ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ আৰম্ভণি কৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ অধ্যক্ষ ড০ ৰঞ্জিত মজিন্দাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/cv9j9up1/9b95b464-ff33-44b3-9f4d-eeeb15782a03.jpg)
অনুষ্ঠানত বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াক তেখেতে কাব্য জগতলৈ আগবঢ়োৱা বিশেষ অবদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও মহাবিদ্যালয় প্ৰবক্তা ড০ সঞ্জয় দে, সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ কলকাতাৰ সহকাৰী সম্পাদক ড০ শান্তনু সেনগুপ্ত, আবৃত্তিকাৰ শান্তি ছায়া শইকীয়া, অলকানন্দা কাকতি, চিত্ৰশিল্পী সুজিত দাস আৰু আফতাৰ আলিকে ধৰিকেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/8q49357g/217a51fd-9bc5-4e4b-b80c-4eda0bbba1a6.jpg)
বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা অসমৰ প্ৰায় দুই কুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীৰ চিত্ৰকলা, আবৃত্তি, নৃত্য, সংগীত আদিৰ বিশাৰদ আৰু ৰত্ন পৰীক্ষাৰ মানপত্ৰ প্ৰদান কৰা হয়। লগতে বিশিষ্ট সাংস্কৃতিক কৰ্মীসকলক সৰ্বভাৰতীয় সন্মান প্ৰদান কৰা হয়।
সৰ্বভাৰতীয় সন্মান প্ৰাপকসকল ক্ৰমে মানৱ জ্যোতি বৰা, দীপক দাস, ৰাতুল শৰ্মা, উৎপল দাস, চয়ানিকা বৰা, লক্ষ্মীপ্ৰভা শইকীয়া, মুন দাস, ৰূপজ্যোতি কৰে, মধুমিতা দাস ভট্টাচাৰ্য্য, মাম্পী সাহা আৰু তনুশ্ৰী কুন্ডুনবি। অনুষ্ঠানত পৰিচালনা কৰে গায়েত্ৰী বৰা কাকতিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/5smk0huo/0d043d78-a9ee-4b5b-bf2c-ff7ea8eadae7.jpg)
Also Read: যোৰহাটত ৯ আৰু ১৩ বছৰ অনূৰ্ধ্বৰ দবা প্ৰতিযোগিতাৰ সফল সামৰণি...