অসম লেখিকা সমাৰোহ সমিতিৰ পূৱ হাতীচোং শাখা গঠন

অসম লেখিকা সমাৰোহ সমিতিৰ পূৱ হাতীচোং শাখা গঠন

author-image
Asomiya Pratidin
New Update
অসম লেখিকা সমাৰোহ সমিতিৰ পূৱ হাতীচোং শাখা গঠন

ডিজিটেল সংবাদ,বেবেজীয়া : সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা ড০ থুনু কলিতাৰ বিশেষ প্ৰচেষ্টাত নগাঁও জিলাৰ লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত দেওবাৰে জিলা লেখিকা সমাৰোহ সমিতিৰ পূৱ হাতীচোং শাখা গঠন কৰা হয়।

Advertisment

অঞ্জু বেজবৰুৱা আৰু বৰ্ণালী পৰাশৰ তথা কেবাগৰাকী মহিলাৰ সহযোগিতাত কেন্দ্ৰীয় আৰু জিলা বিষয়ববীয়াৰ উপস্থিতিত হাতীচোং শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাংগণত সভাখন অনুষ্ঠিত হয়।

সভাপতিত্ব কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী বীনা শৰ্মাই ৷ আহ্বায়িকা বৰ্ণালী পৰাশৰ আৰু সমাৰোহৰ বিষয়ববীয়া অঞ্জু বেজবৰুৱাই আঁত ধৰা সভাত উপস্থিত থাকে অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভাপতি আভা বৰা।

সোনাইপৰীয়া কবি সন্মিলনৰ সম্পাদক তথা কবি সঞ্জীৱ সাগৰ চৌধুৰী, জনপ্ৰিয় জ্যোতিষী নলীনী ভট্টাচাৰ্য, নাট্যকাৰ ধ্ৰুৱজ্যোতি বৰা,সভাত নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উপসভাপতি দীপা বৰুৱা, নিজ হাতীচোং গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি পুণ্যপ্ৰভা বনিয়াই বক্তব্য প্ৰদান কৰে।

সভাত বিশিষ্ট সংগীত শিল্পী ৰঞ্জন বেজবৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰচাৰ কোষৰ আহ্বায়ক কল্যাণ কুমাৰ বৰা, লেখিকা সমাৰোহৰ কাৰ্যকৰ্তা প্ৰিয়ম্বদা শইকীয়া, অৱসৰী শিক্ষয়িত্ৰী সুভদ্ৰা বেজবৰুৱা, শৈলীপ্ৰভা বনিয়াকে ধৰি অঞ্চলৰ অগ্ৰণী মহিলাসকল উপস্থিত থাকে ৷

আহ্বায়কমণ্ডলীৰ মহিলাৰ সকলে দুটিকৈ সমবেত সংগীত পৰিবেশন কৰা সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠা আচাৰ্য্যা উৰ্মিলা বৰা আৰু স্মৃতি তৰ্পণ কৰে শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্যা তৰুলতা বৰা হাজৰিকাই ৷ আজিৰ সভাতে সু-লেখিকা লুকুমনি বৰদলৈক সভাপতি,মঞ্জুমণি বৰঠাকুৰক উপসভাপতি,বৰ্ণালী পৰাশক সম্পাদিকা, মমী শইকীয়াক সহকাৰী সম্পাদিকা;লিলি কাকতি বৰা, বুমনি বেজবৰুৱা , থুনুমনি হাজৰিকা আৰু নিৰ্মালী বৰাক সাংগঠনিক সম্পাদিকা;চিংকী কলিতা, গীতুমণি বৰা,ময়ুৰী শইকীয়া আৰু মণিষা বৰাক সাংস্কৃতিক সম্পাদিকা;মামণি শইকীয়াক কোষাধ্যক্ষ আৰু পিংকী হাজৰিকাক পত্ৰিকা সম্পাদিকা হিচাপে বিষয়বাব প্ৰদান কৰি পূৱ হাতীচোং লেখিকা সমাৰোহৰ শাখাটো গঠন কৰা হয় ৷

Also Read: অৰুণাচল নিৰ্বাচনঃ পৰ্যবেক্ষক হিচাবে উপস্থিত মন্ত্ৰী অশোক সিংহল

All assam Writers' Conference Committee East Hatichong