একল অভিযানৰ প্ৰশিক্ষণ সত্ৰ আৰু সমিতিৰ মত বিনিময় অনুষ্ঠান

মধ্য অসম ভাগৰ ৰথ যোজনা প্ৰমুখ মনজিৎ নায়কে  আঁত ধৰা অনুষ্ঠানটিত পাছত চিনাকি পৰ্ব অনুষ্ঠিত হয়। প্ৰশিক্ষণ শিবিৰৰ উদেশ্য ব্যখ্যা কৰে নগাঁও অঞ্চলৰ সচিব ৰতন কুমাৰ বাগাৰিয়াই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ   প্ৰাথমিক শিক্ষা, গ্ৰাম বিকাশ শিক্ষা, আৰোগ্য শিক্ষা, জাগৰণ শিক্ষা আৰু সংস্কাৰ শিক্ষা এই পঞ্চমুখী শিক্ষাৰ মাধ্যমেৰে শিক্ষিত ভাৰত, নিৰোগী ভাৰত আৰু সামৰ্থ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে প্ৰায় ৩০ বছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা একল অভিযানৰ নগাঁও অঞ্চল সমিতিৰ প্ৰশিক্ষণ সত্ৰ আৰু সমিতিৰ মত বিনিময় অনুষ্ঠান আজি অনুষ্ঠিত হয়।

নগাঁও চহৰৰ হয়বৰগাঁৱৰ মহাৰাজা আগ্ৰেছন ভৱনত অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নগাঁও অঞ্চলৰ অধ্যক্ষ ৰাধাৰমণ খাটোৱালে। মধ্য অসম ভাগৰ ৰথ যোজনা প্ৰমুখ মনজিৎ নায়কে  আঁত ধৰা অনুষ্ঠানটিত পাছত চিনাকি পৰ্ব অনুষ্ঠিত হয়। প্ৰশিক্ষণ শিবিৰৰ উদেশ্য ব্যখ্যা কৰে নগাঁও অঞ্চলৰ সচিব ৰতন কুমাৰ বাগাৰিয়াই। পূৰ্বোত্তৰ প্ৰভাগৰ গতিবিধি প্ৰমুখ মন্টু গঞ্জু আৰু একল অভিযানৰ গ্ৰাম স্বৰাজ মঞ্চৰ উপাধ্যক্ষ ৰিংকু পৰিডাই সমিতিৰ প্ৰশিক্ষণ সত্ৰ পৰিচালনা কৰি প্ৰতিটো সঞ্চৰ কাৰ্যবিবৰনী বিশ্লেষণ কৰে।

অনুষ্ঠানটিত পশ্চিম পূৰ্বোত্তৰ সম্ভাগৰ অভিযান প্ৰমুখ কান্তি বড়ো, মধ্য অসম ভাগৰ অভিযান প্ৰমুখ ফিৰোজ দলে, অঞ্চল সমিতিৰ সদস্য ওম প্ৰকাশ জাজোৰীয়া, সুনিল আলমপুৰিয়া, মহিলা সমিতিৰ প্ৰেম লতা টিব্ৰেৱাল, সৰিতা বুধিয়া, সাংবাদিক দিব্যজ্যোতি বৰুৱা, নগাঁও অঞ্চলৰ অভিযান প্ৰমুখ বিমান চাংমাই। নগাঁও অঞ্চলৰ সমূহ কাৰ্যকতাই অংশ গ্ৰহণ কৰা অনুষ্ঠানটিৰ শেষত সমিতিৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। 

nagaon