/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/bloapp23/AP FOR WEB smart meter.jpg)
ডিজিটেল সংবাদ,ৰহা: ৰহাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এ জে ৱাই চি পিৰ ৰহা আঞ্চলিক সমিতিয়ে শনিবাৰে ৰহা চহৰত এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সমদলত মহিলা, ছাত্ৰ-ছাত্ৰী আদিয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/kp49ne5k/4034721d-6721-4a1c-b510-8be605c7e6c1.jpg)
প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প'ষ্টাৰ লৈ 'স্মাৰ্ট মিটাৰ বন্ধ কৰক, শক্তি মন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়' আদি প্ৰতিবাদী শ্ল'গানে মুখৰিত কৰি তোলে ৰহা চহৰ। প্ৰতিবাদী সমদলটোৱে ৰহা চহৰ পৰিভ্ৰমণ কৰাৰ পিচত ৰহা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ জৰিয়তে যুৱ ছাত্ৰ পৰিষদে স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/b0f0pm0c/dac122ce-a1bb-4e69-b190-411c562ac5b6.jpg)
স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে। প্ৰতিবাদৰ অন্তত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয়। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীত এ জে ৱাই চি পিৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে।
Also Read: ধুবুৰীত ডাক আৰু আৰ এম এছ কৰ্মচাৰী সংঘৰ ৩৮ সংখ্যক যুটীয়া চক্ৰ সন্মিলনৰ শুভাৰম্ভ