ধুবুৰীত ডাক আৰু আৰ এম এছ কৰ্মচাৰী সংঘৰ ৩৮ সংখ্যক যুটীয়া চক্ৰ সন্মিলনৰ শুভাৰম্ভ

ধুবুৰীত ডাক আৰু আৰ এম এছ কৰ্মচাৰী সংঘৰ ৩৮ সংখ্যক যুটীয়া চক্ৰ সন্মিলনৰ শুভাৰম্ভ

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ডাক আৰু আৰ এম এছ কৰ্মচাৰী সংঘৰ ৩৮ সংখ্যক যুটীয়া চক্ৰ সন্মিলনৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, ধুবুৰী : শনিবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম আৰু উত্তৰ-পূৱ ডাক চক্ৰৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ডাক আৰু আৰএমএছ (ৰে'লৱে মেইল চাৰ্ভিছ) কৰ্মচাৰী সংঘৰ ৩৮ সংখ্যক যুটীয়া চক্ৰ সন্মিলনৰ শুভাৰম্ভ হৈছে। শনিবাৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলনখনি দুদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে।

Advertisment

উত্তৰ-পূৱ ডাক চক্ৰৰ সাধাৰণ সম্পাদক পঞ্চানন ৰায় আৰু সৰ্বভাৰতীয় ডাক কৰ্মচাৰী ইউনিয়নৰ চাৰ্কেল কমিটীৰ উপ-সভাপতি জয়দেব কৰ্মকাৰে আজি সাংবাদিকৰ আগত কয় যে, পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে শুভাৰম্ভ কৰা আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত আলোচনা চক্ৰও অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকতে সভাপতিত্ব কৰা প্ৰথম দিনাৰ আলোচনা চক্ৰত সৰ্বভাৰতীয় ডাক বিভাগৰ ভালে কেইজন বিষয়-ববীয়া উপস্থিত থাকে।

Also Read: ছিপাঝাৰত আৰক্ষীৰ নাক কাটিলে দুই বাইক চোৰে...

RMS Employees