বটদ্ৰৱা থানত উপস্থিত অসম জাতীয় পৰিষদৰ "এক অসম যাত্ৰা"

বটদ্ৰৱা থানত উপস্থিত অসম জাতীয় পৰিষদৰ "এক অসম যাত্ৰা"

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এক অসম গঢ়াৰ সংকল্প সাৰ্থক কৰিবলৈ অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে 'এক অসম, ঐক্যবদ্ধ অসম'ৰ বাণীৰে সাম্প্ৰতিকতা, ঘৃণা আদি ওফৰাই সুদুৰ ধুবুৰীৰ পৰা শদিয়াৰ লৈ আৰম্ভ কৰা “এক অসম যাত্ৰা” কাৰ্যসূচীত শনিবাৰে পুৱা জাতীয় সাজ পৰিধান কৰি গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ লুৰিন জ্যোতি গগৈ।

থানত সেৱা লৈ গগৈয়ে কয় "সাতামপুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰতিৰ বৰভেটি ভাঙি থানবান কৰি দিবৰ কাৰণে অশুভ শক্তিসমুহক নাশ কৰিবৰ বাবে আমি আটায়ে ঐক্যবদ্ধ হব লাগিব। গুৰু শঙ্কৰৰ আদৰ্শ আমি হৃদয়ত স্থাপন কৰিব লাগিব আৰু সেই আদৰ্শৰে সমাজখনক আগুৱাই নিব লাগিব৷"

উল্লেখ্য যে, এই যাত্ৰাত লুৰীণজ্যেতি গগৈৰ সৈতে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ উপ সভাপতি ছমচেৰ সিং, মহিলা সাংগঠনিক সম্পাদিকা অৱন্তিকা দেৱী, সদস্যা ৰূপালী বৰদলৈ, নগাঁও জিলা সমিতিৰ সভাপতি পুলিন হাজৰিকা, জয়ন্ত হাজৰিকা, লক্ষ্যধৰ তালুকদাৰকে আদিকে ধৰি ভালেই সংখ্যক নেতা কৰ্মী তথা ভিন্ন স্তৰৰ লোক।

বটদ্ৰৱা থানত উপস্থিত অসম জাতীয় পৰিষদৰ "এক অসম যাত্ৰা"
চাকৰিৰ প্ৰলোভনেৰে নৈশ যাপন কৰি হাতে-লোটে ধৰা পৰিল বিজেপি নেতা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in