বটদ্ৰৱাৰ ক্ষুদ্ৰ ব্যৱসায়ী অজিৎ ছাহানীৰ মৃত্যু

৪৪ বছৰীয়া ছাহানী দুবছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী, হায়দৰাবাদৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। সৰবৰহী অজিৎ ছাহানীৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
dfdf

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  নগাঁও জিলাৰ বটদ্ৰৱা শান্তিজান বজাৰৰ সন্মুখত বাস কৰি ক্ষুদ্ৰ ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰা অজিৎ ছাহানীৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। ৪৪ বছৰীয়া ছাহানী দুবছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী, হায়দৰাবাদৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। সৰবৰহী অজিৎ ছাহানীৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্র, জ্যেষ্ঠ, কনিষ্ঠ ভাতৃ, ভগ্নীকে আদি বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা