নগাঁৱত কৰ,মহিলা আৰু শিশু বিকাশ বিভাগৰ সৈতে বৈঠকত মিলিত হ'ল অজন্তা নেওগ...

এদিনীয়া কাৰ্য্যসূচিৰে নগাঁও জিলাত উপস্থিত বিত্তমন্ত্রী অজন্তা নেওগ...

author-image
Asomiya Pratidin
New Update
নগাঁৱত কৰ,মহিলা আৰু শিশু বিকাশ বিভাগৰ সৈতে বৈঠকত মিলিত হ'ল অজন্তা নেওগ...

ডিজিটেল সংবাদ,নগাঁও : অসম চৰকাৰৰ বিত্তমন্ত্রী অজন্তা নেওগে দেওবাৰে নগাঁও জিলাত উপস্থিত হৈ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কৰ, মহিলা আৰু শিশু বিকাশ বিভাগৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত তেখেতে আদৰ্শ অংগনবাদী কেন্দ্ৰ সমূহৰ নিৰ্মাণৰ কাম অহা ২অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ থকা কংষ্ট্ৰাকচন কমিটি আৰু মাটিৰ সমস্যাৰ সমাধান অহা ৭ দিনৰ ভিতৰত কৰিবলৈ কয়।

Advertisment

তদুপৰি তেখেতে "বেটি বচাও আৰু বেটি পঢ়াও" আঁচনিখনৰ সজাগতা ব্যাপক হাৰত জিলাখনত প্ৰসাৰতা কৰিবলৈ আহ্বান জনায়।তেখেতে শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু মুখ্যসেৱীকাসকলক অংগনবাদী কেন্দ্ৰসমূহ সঘনাই পৰ্যবেক্ষণ আৰু পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মন্ত্রী মহোদয়াই ৰাজহ আৰু কৰ বিভাগৰ ৰাজহ সংগ্ৰহৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ খতিয়ান লয়।

আজিৰ এই সভাত নগাঁও-বটদ্ৰৱা,বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক ৰাহুল দাস,নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ,অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং,অতিৰিক্ত আয়ুক্ত কাকুমণি শইকীয়া,জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগু আৰু জিলাখনৰ কৰ বিভাগ আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

Also Read: অতুল বৰাই কেইজনমান শ্ৰমিক নেতা কাষত বহুৱাই বোকাখাতত লুণ্ঠনৰ মেলা পাতিছে: জীৱন চন্দ্ৰ বৰা

nagaon