কৃষি বিভাগৰ কৰ্মচাৰী তোলন কলিতাৰ বিয়োগ

কৃষি বিভাগৰ কৰ্মচাৰী তোলন কলিতাৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
কৃষি বিভাগৰ কৰ্মচাৰী তোলন কলিতাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী তথা অৱসৰপ্ৰাপ্ত কৃষি বিভাগৰ কৰ্মচাৰী তোলন কলিতাৰ শুকুৰবাৰে পুৱা নিজ বাসগৃহত বিয়োগ ঘটে। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত তোলেন কলিতা বিগত ৪মাহে অসুস্থ হৈ ঘৰতে চিকিৎসা গ্ৰহণ কৰি আছিল।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, কলিতাই যোৰহাট আৰু ৰহাত কৃষি বিভাগত কৰ্মৰত হৈ ২০১৪ চনত অৱসৰগ্ৰহণ কৰিছিল। সৰবৰহী, মৰমীয়াল, সমাজৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত তোলন কলিতাৰ মৃত্যুত বটদ্ৰৱাত বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰে।

৭১ বছৰীয়া তোলন কলিতাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়ৰী , জোঁৱাই, নাতি নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Also Read: কৰিমগঞ্জ আৰক্ষীয়ে ধ্বংস কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

batadraba