কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত মঙ্গলবাৰে বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ নিৰঞ্জন ডেকাই এই সভা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত বছৰে বছৰে অনুষ্ঠিত হয়। আজিৰ সভাত যোৱা বছৰত কি কি কাৰ্যসূচী হাতত লোৱা লৈছিল, তাৰ ক্ষতিয়ান দাঙি ধৰি, আগন্তুক দিনত কি কাৰ্যসূচী হাতত লোৱা হ'ব, ভবিষ্যত দিনৰ কাৰনে কৃষি আৰু আনুসাংগিক ক্ষেত্ৰত কি কি জিলা খনৰ উন্নয়নৰ বাবে আগবাঢ়িব লাগিব, তাৰ কাৰণে সকলোৰে পৰা পৰামৰ্শ বিচাৰিছো। সভাত উপস্থিত বেংক, নাবাৰ্ড, কৃষি, মীন, পশুপালন, ৰেচম, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ফাৰ্মাৰ প্ৰডিউচ্ৰাৰ কম্পেনী, ফাৰ্মাৰ প্ৰডিউচ্ৰাৰ অৰ্গেনাইজেশ্যন, আকাশবাণী নগাঁও, বিভিন্ন বিষয়ৰ বিজ্ঞানী সকল, শিক্ষা বিভাগৰ মূল বিষয়া সকলক আমি স্বাগতম জনাইছো" বুলি ভাষন প্ৰদান কৰে।

পাছত শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড০ মনোৰঞ্জন নেওগে "কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত অনুষ্ঠিত এইখন বাৰ্ষিক সভা। এই সমিতিত অসম কৃষি বিশ্ববিদ্যালয় উপাচাৰ্য প্ৰমুখ্যে এখন উচ্চ স্তৰীয় সমিতিয়ে যোৱা ২০২৩-২৪ বছৰৰ কাৰ্যাৱলীৰ পৰ্যালোচনা কৰি, ২০২৪-২৫ বছৰত কেনেকুৱা কাৰ্যপন্থা হাতত লোৱা হয় তাৰ সবিশেষ আলোচনাত কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।" বুলি মন্তব্য কৰে।

ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক ড০ কমলেশ্বৰ কলিতা, পশু পালন বিভাগৰ গৱেষণা সঞ্চালক ড০ প্ৰবোধ বৰা, জিলা কৃষি বিষয়া ৰঞ্জন ডেকা, পশু পালন বিভাগৰ সহকাৰী শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড০ হিৰণ্য কুমাৰ ভট্টাচাৰ্যকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক ৰাজু পাৰনাই নাবাৰ্ডে নগাঁও আৰু হোজাই জিলাত ৰূপায়ণ কৰি থকা প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰি, জৈৱিক আৰু ৰাসায়নিক কৃষিৰ অভিসৰণ, বাজৰা, সৰিয়হ আদি খেতিৰ বাবে পথাৰ মাটি ব্যৱহাৰ কৰি বহু শস্যৰ সৈতে জড়িত পাইলট প্ৰকল্প ৰূপায়ণ কৰিবলৈ তেওঁৰ ইচ্ছা প্ৰকাশ কৰে।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা
কেইবাজনো বিধায়কৰ সৈতে দৰঙৰ বিকাশ যাত্ৰাৰ অংশগ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in