Advertisment

চামগুৰি আকৌ আহিল অগপৰ দখললৈঃ অতুল দেৱনাথে আঢৈ দশকৰ পাছত পৰিধান কৰিলে জোতা, চেণ্ডেল...

অসম গণ পৰিষদৰ প্ৰতি থকা আনুগত্যৰ অনন্য নিদৰ্শন দাঙি ধৰি অৱশেষত চেণ্ডেল-জোতা নিপিন্ধাৰ সংকল্প পৰিহাৰ কৰিলে অতুল দেৱনাথে। আঢ়ি দশকৰ পাছত পৰিধান কৰিলে জোতা, চেণ্ডেল।

author-image
Asomiya Pratidin
New Update
চামগুৰি আকৌ আহিল অগপৰ দখললৈঃ অতুল দেৱনাথে আঢৈ দশকৰ পাছত পৰিধান কৰিলে জোতা, চেণ্ডেল...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম গণ পৰিষদৰ প্ৰতি থকা আনুগত্যৰ অনন্য নিদৰ্শন দাঙি ধৰি অৱশেষত চেণ্ডেল-জোতা নিপিন্ধাৰ সংকল্প পৰিহাৰ কৰিলে অতুল দেৱনাথে। এসময়ৰ অসম গণ পৰিষদৰ অভেদ্য দুৰ্গ চামগুৰি বিধানসভা সমষ্টিত ১৯৯৬ চনত অসম গণ পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল অতুল শৰ্মা।

Advertisment

ইয়াৰ পিছত ২০০১ চনৰ বিধানসভাৰ নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা কৰি পৰাজয়বৰণ কৰিছিল অতুল শৰ্মাই। দলৰ পৰাজয়ৰ শোকত ব্যথিত হৈ পৰিছিল দলৰ অক্লান্ত সৈনিক অতুল দেৱনাথ৷

সমষ্টিটোৰ কুহুমতলী পঞ্চায়তৰ অন্তৰ্গত খলিহামাৰি গাঁৱৰ নিৱাসী অতুল দেৱনাথে চামগুৰি বিধানসভা সমষ্টিটো অগপৰ দখললৈ পুনৰ আনিব নোৱৰা পৰ্যন্ত চেণ্ডেল-জোতা পৰিধান নকৰাৰ সংকল্প গ্ৰহণ কৰিছিল। 

তেনেকৈয়ে  জোতা-চেণ্ডেল নিপিন্ধাকৈ প্ৰায় আঢ়ৈ দশক নিজৰ সংকল্পত স্থিৰ হৈ থাকিল দেৱনাথ৷ শেহতীয়াকৈ সম্পন্ন হোৱা অসম বিধানসভাৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে দিপ্লুৰঞ্জন শৰ্মাই চামগুৰি বিধানসভা সমষ্টিত বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছত আজি দেৱনাথে চেণ্ডেল-জোতা পৰিধান কৰি তেখেতৰ সংকল্প পৰিহাৰ কৰে।

অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ উপস্থিতিত দেৱনাথে সুদীৰ্ঘ ২৪ বছৰৰ পাছত চেণ্ডেল-জোতা পৰিধান কৰাৰ বিশেষ মুহূৰ্তৰ সাক্ষী হৈ আনন্দ অনুভৱ কৰে অগপৰ  কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। তেখেতৰ দৃঢ় সংকল্প আৰু ত্যাগ তথা দলৰ প্ৰতি থকা আনুগত্যৰ নিৰ্দশনে অগপ কৰ্মীসকলক উৎসাহিত কৰি তুলিছে বুলি মন্তব্য কৰে মহন্তই৷

চামগুৰি অসম গণ পৰিষদ কেশৱ মহন্ত