৩৯ বছৰীয়া অগপৰ প্ৰতিস্হা দিৱস নগাঁৱত হ’ল এলাগী...

৩৯ বছৰীয়া অগপৰ প্ৰতিস্হা দিৱস নগাঁৱত হ’ল এলাগী...
৩৯ বছৰীয়া অগপৰ প্ৰতিস্হা দিৱস নগাঁৱত হ’ল এলাগী...

ডিজিটেল সংবাদ নগাঁও : ৩৯ বছৰীয়া আঞ্চলিক দল অগপৰ প্ৰতি দলৰ বৰ্তমানৰ নেতা কৰ্মীৰ আন্তৰিকতা কিমান ? ১৯৮৫ চনত গোলাঘাটত প্ৰতিস্হা হোৱা অগপ দলৰ জন্মৰ আৰত নগাঁও জিলাৰ বিশেষ অৰিহনা আছে ৷

প্ৰতিস্হাপক সভাপতি আছিল নগাঁৱৰ কলিয়াবৰৰ প্ৰফুল্ল কুমাৰ মহন্ত ৷ বিগত ৩৯ বছৰীয়া পৰিক্ৰমাৰ লগতে বৰ্তমানৰ প্ৰতাপী মন্ত্ৰী কলিয়াবৰৰ কেশব মহন্তলৈকে নগাঁৱৰ অবদান অনস্বীকাৰ্য ৷

অগপৰ ইতিহাসত বিশেষ অৰিহনা আগবঢ়োৱা নগাঁৱত দলটোৰ প্ৰতিস্হা দিবসটি এলাগী হৈ ৰ’ল ৷ নগাঁও জিলা অগপ কাৰ্যালয়ত প্ৰতিস্হাটি দিৱস পালমৰা কাৰ্যসূচীৰে ৰূপায়ন কৰাক লৈ নগাঁৱৰ ৰাজনৈতিক মহলত সমালোচনা হৈছে ৷

দলৰ নেতৃত্বই নগাঁৱত বিশেষ কাৰ্যসূচী গ্ৰহন কৰাটো দূৰৰে কথা প্ৰতিস্হাৰ দিনটোত অগপৰ জিলা কাৰ্যালয়ত পঞ্চাছজনো লোকৰ সমাবেশ নঘটিত ৷ পুৱাত দুজন মানৰ মাজতে পতাকা , শ্বহীদ তৰ্পন কৰাৰ পিছত ফুট গধূলিত দুজনমানে চৌহদত চাকি বন্তি জ্বলাই কাৰ্যালয়ৰ পদূলিৰ লোৰ গেইটত তলা লগাই প্ৰতিস্হা দিৱসৰ সামৰণি পেলোৱা হয় ৷

ইফালে নগাঁও চহৰৰ উপায়ুক্ত বাসভৱনত ওচৰত থকা অগপৰ সদৰ আঞ্চলিকৰ কাৰ্যালয়ৰ পৰিবেশ আৰু দুখজনক ৷ প্ৰতিস্হা দিবস উপলক্ষে বিশেষ কাৰ্যসূচী পালন কৰা দেখা নগল ৷ সন্ধ্যা কাৰ্যালয়টোত বন্তি এগছো জ্বলোৱাৰ প্ৰয়োজন বোধ নকৰিলে ৷ সন্ধ্যাৰ লগে লগে মৰিশালীৰ নিস্তবধতাই বিৰাজ কৰে ৷

প্ৰতিস্হা দিৱসৰ দিনটোত অগপৰ কাৰ্যকৰী সভাপতি তথা প্ৰতাপী মন্ত্ৰী কেশব মহন্তৰ গৃহজিলাত অগপৰ প্ৰতিস্হা দিৱসটি এলাগী হোৱা ঘটনাই দলৰ নেতৃত্ব দলৰ প্ৰতি কিমান অনুগত্য তাৰ স্বৰূপটো উদঙাই দিছে ৷ দলীয় এক সূত্ৰ মতে নগাঁও জিলা অগপৰ একাংশ নেতা মন্ত্ৰী কেশব মহন্তৰ কামকাজক লৈ অসন্তোষ্ট ৷

দলৰ জিলা কাৰ্যালয়টোক মন্ত্ৰী কেশব মহন্তই অবজ্ঞা কৰি চলি অহা পৰনতিৰ প্ৰভাব পৰে প্ৰতিস্হা দিৱসৰ দিনটিত ৷ মন্ত্ৰী কেশব মহন্তৰে ভাতৃ মণি মাধব মহন্ত নগাঁও জিল অগপৰ সভাপতি ৷

৩৯ বছৰীয়া অগপৰ প্ৰতিস্হা দিৱস নগাঁৱত হ’ল এলাগী...
জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in