/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6eefee8d-6b18-481e-b270-4ed4a944ed4b/23.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : আধ্যাত্মিক লহৰত বুৰ গৈছে বেবেজীয়াৰ পশ্চিম অঞ্চল পলশাগুৰি। ভক্তিৰসত বিলীন সমগ্ৰ অঞ্চল। শুক্ৰবাৰৰ পৰা ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে পলশাগুৰি সাৰ্বজনীন নামঘৰৰ শতবৰ্ষ অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b8261386-bbbd-405e-9c77-cb9c595ecd88/3c2b30b6_e9d1_4434_bb23_5dd64da9163f.jpg)
শুকুৰবাৰে পুৱা ১০০খন পতাকা উত্তোলন, ধৰ্মালোচনী সভা আদি অনুষ্ঠিত হোৱাৰ পিছত শনিবাৰে পুৱা উলিওৱা হয় এক বৰ্ণিল ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f71d1d5a-12a4-47fd-9f8c-d13e8b68bef1/453cefad_5964_41aa_89bd_467530e9b940.jpg)
ৰাইজৰ আগত সেৱা লৈ ঘোষা গাই শোভাযাত্ৰা উদ্বোধন কৰি বৰষাৰাণী বিষয়াই কয়- নামঘৰৰ জৰিয়তে আধ্যাত্মিক, ধৰ্মীয়,একতাৰ সৃষ্টি হয় । গুৰুজনাই যি আদৰ্শ আৰু উদ্দেশ্যৰে নামঘৰৰ সৃষ্টি কৰিছিল সেই আদৰ্শ আজি পলশাগুৰি গাঁৱত দেখিছোঁ । আজি এই শতবৰ্ষ অতিক্ৰম কৰা নামঘৰটোত যি দৃশ্য দেখিলো সেয়া আগতে মই কেতিয়াও দেখা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cb0e6f0f-0b5d-4cb7-b04e-2600d8322614/674dcee1_c6c8_4217_96f9_186401061126.jpg)
আমন্ত্ৰিত প্ৰতিগৰাকীকে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ আগত সেৱা কৰি গামোচা জ্যেষ্ঠজনে কনিষ্ঠ জনক দিছে। এই দৃশ্যই মোক অভিভূত কৰিছে। এই দৃশ্যৰ জৰিয়তে গুৰুজনাই যি আদৰ্শৰে নামঘৰৰ সৃষ্টি কৰিছিল সেয়া সাৰ্থক হোৱা যেন লাগে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/17a26c0a-4f8b-49a5-adee-f6012faad545/88b61e09_74f3_477e_892f_d47d396765d0.jpg)
এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মিলনৰ আধ্যাত্মিক বিষয়। প্ৰত্যকেই প্ৰতিটো জীৱৰ মাজত পৰমাত্মা উপলব্ধি কৰিব পাৰিলে সমাজখন সুন্দৰ আৰু সুস্থ হ'ব বুলি অভিনেত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ইফালে ৰাঘৱ চিনেমাৰ সম্পৰ্কত অভিনেত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে ৰাঘৱ মানুহে চাইছে। কিন্তু বিৰ্তক হোৱাৰ বাবে ভয় খোৱা বুলি কৈ অভিনেত্ৰীগৰাকী শীঘ্ৰে অসমীয়া চিনেমালৈ সুস্থিৰতা আহিব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/117c1c9c-3eff-45d4-8ff4-fead02b9c37d/04de8eff_0bc6_40f8_9679_c767f2ca6910.jpg)
অভিনেত্ৰীগৰাকীয়ে শোভাযাত্ৰাতো অংশগ্ৰহণ কৰি পলশাগুৰি, দ' গাওঁ, বাউলাবৰি, কটঙাবৰি, টাঙোনমাৰা আদি পৰিভ্ৰমণ কৰে । গায়ন বায়নৰ খোল তালৰ ঐক্য বাদন, বিহু নৃত্য,নামতিৰ জাত জাত নাম ,বেণ্ডপাৰ্টিৰ বাজনা, বিভিন্ন চৰিত্ৰ আদিৰে নান্দনিক শোভাযাত্ৰাটিয়ে বৃহত্তৰ অঞ্চলটোত এক ধৰ্মীয় আৰু আধ্যাত্মিক লহৰ বোৱাই তোলে।
বিয়লি দৰঙৰ নমশ্ৰী নামতি দলৰ কুসুম দেৱীয়ে দৰঙৰ নাগাৰা নাম পৰিবেশন কৰি বহুহেজাৰ লোকক মুগ্ধ কৰে। নিশালৈ পলশাগুৰি মহিলা শিল্পী সমাজে পাল্লা ভাওনা অনুষ্ঠিত কৰা হয়। ডঃ অসীম কুমাৰ দাসে এই পাল্লা ভাওনা উদ্বোধন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dfb721bc-9e41-42e5-8cdb-3a76466352a0/87a9265a_25be_4eb6_bf17_0558dc633a2a.jpg)
আয়োজক সমিতিয়ে জনোৱামতে শনিবাৰে আলোচনা চক্ৰ,সাংস্কৃতিক অনুষ্ঠান,নাটক আদি অনুষ্ঠিত হ'ব। উল্লেখ্য যে ১৯০৩ চনতে প্ৰতিষ্ঠা কৰা এই নামঘৰে অঞ্চলটোৰ এক আধ্যাত্মিক জ্ঞানৰ চৰ্চা কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে।
Also Read: ধেমাজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন