/asomiyapratidin/media/media_files/2024/12/14/qbhGpQQNrNuGFIDKzR3h.jpg)
ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ কচুৱাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে কচুৱাৰ সোণাৰুগুৰিত এখন নম্বৰবিহীন জেচিবি আৰু মটৰচাইকেলৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাসহ ছয়বছৰীয়া শিশু গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাৰ পাছতেই ততাতৈয়াকৈ আহতসকলক স্থানীয় লোকে কচুৱা মডেল হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইফালে গৰ্ভৱতী মহিলাগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰিছে। তেওঁৰ অধিক ৰক্তক্ষৰণ হোৱাত স্থানীয় সংবাদিকৰ তৎপৰতাৰে তেওঁক নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
ঘটনাৰ পিছতে নম্বৰবিহীন জেচিবিখনৰ চালকক আটক কৰিছে কচুৱা আৰক্ষীয়ে। আনহাতে দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ এ এছ ০২ এ কিউ ৪২১৪।
দুৰ্ঘটনাত আহতসকল ক্ৰমে গুলজাৰ হুছেইন (২৪), হনুফা খাতুন (২২) আৰু ৰিয়ানা খাতুন (৬)।