নগাঁৱত আপৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া

নগাঁৱত আপৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া

ডিজিটেল সংবাদ,বেবেজীয়াঃ বৃহস্পতিবাৰে দিনৰ ভাগত নগাঁও চহৰৰ চহৰৰ ইছলামপট্টি নগাঁও পৌৰ সভাৰ অন্তৰ্গত ২০ নং মহলাত আপ আদমী পাৰ্টী নগাঁও জিলা সমিতিৰ উদ্যোগত আম আদমী পাৰ্টীৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত নগাঁৱৰ বিভিন্ন ঠাইত পৰা প্ৰায় শতাধিক লোকে আপৰ সদস্য পদ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

উক্ত অনুষ্ঠানত নগাঁও জিলা আপৰ বিষয়ববীয়া সকলৰ লগতে আপৰ বিভিন্ন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে বিগত কিছুদিনত নগাঁৱত প্ৰায় কেইবা শতাধিক লোকে আপত যোগদান কৰিছে।

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আদমী পাৰ্টীয়ে এইদৰে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰা পৰিলক্ষিত হৈছে। স্মৰণীয় যে আপৰ এই অভিযান পৰৱৰ্তী সময়ত নগাঁৱৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।

নগাঁৱত আপৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া
বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত ভাৰত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in