নগাঁও জিলাৰ মাধ্যমিক শিক্ষাৰ স্তম্ভ, ক্ৰীড়া সংগঠক আলিমুজ জামান আৰু নাই...

নগাঁও জিলা অতি পৰিচিত তথা সকলোৰে মাজত জনপ্ৰিয়, আদৰ্শ শিক্ষক, ক্ৰীড়া সংগঠক হিচাপে পৰিচিত আলিমুজ জামানে মঙলবাৰে পুৱা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
নগাঁও জিলাৰ মাধ্যমিক শিক্ষাৰ স্তম্ভ, ক্ৰীড়া সংগঠক আলিমুজ জামান আৰু নাই...

ডিজিটেল সংবাদ নগাওঁ:  নগাঁও জিলা অতি পৰিচিত তথা সকলোৰে মাজত জনপ্ৰিয়, আদৰ্শ শিক্ষক, ক্ৰীড়া সংগঠক হিচাপে পৰিচিত আলিমুজ জামানে মঙলবাৰে পুৱা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

Advertisment

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা আলিমুজ জামানে অন্য চাকৰিৰ সন্ধান নকৰি শিক্ষকতাৰ দৰে পথ বাচি লৈছিল। নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ সময় শিক্ষকতা কৰি তেওঁ বিদ্যালয়খনৰ পৰা অধ্যক্ষ পদতো কাৰ্যনিৰ্বাহ কৰি ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে।

শিক্ষকতাৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক আদৰ্শ শিক্ষকগৰাকী নগাওঁ মহাবিদ্যালয় পৰিচালনা সমিতিৰো সভাপতি পদত ৫ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। নগাঁও ক্রীড়া সংস্থাৰ সাধাৰণ সম্পাদক হিচাপে ৩০ বছৰ দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত দুবছৰ সভাপতিৰো দায়িত্ব পালন কৰা আলিমুজ জামান ক্ৰীড়া সংগঠক হিচাপেও আছিল জনপ্ৰিয়।

ছাত্ৰ অৱস্থাতে ফুটবল খেলুৱৈ হিচাপে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰি পিছলৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো অংশগ্ৰহণ কৰিছিল। তেওঁ লাভ কৰিছিল অসমৰ বেডমিন্টন প্ৰশিক্ষক হিচাপে নিযুক্তি। শিক্ষকতাৰ মাজতেই তেওঁ শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰচনা কৰিছিল তিনিখনকৈ ইংৰাজী ব্যাকৰণৰ কিতাপ।

এই গৰাকী গুণী শিক্ষক, সংগঠকৰ মৃত্যুত নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ শৰৎ বৰকটকী শোক প্ৰকাশ কৰি কয়, শ্ৰেণীকোঠাত ইংৰাজী নাম শুনি জ্বৰ উঠা ছাত্ৰক অতি সহজে ইংৰাজী শিকিবলৈ আগ্ৰহ বৃদ্ধি কৰাৰ ক্ষমতা আছিল তেওঁৰ।নগাঁও জিলাৰ মাধ্যমিক শিক্ষাৰ স্তম্ভ স্বৰূপ শিক্ষা গুৰু জামান দেৱৰ মৃত্যু জিলাখনৰ বাবে গভীৰ ক্ষতি। ড০ বৰকটকীয়ে এইগৰাকী শিক্ষাগুৰুৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ কোনো সক্ষম নহ’ব বুলিও কয়।

উল্লেখ্য যে, মৃত্যুৰ সময়ত তেওঁ আছিল গুৱাহাটীৰ মাছখোৱাস্থিত নিজ পুত্ৰৰ বাসগৃহত। বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হোৱা আলিমুজ জামানে মৃত্যুৰ সময়ত এজন পুত্ৰ, এগৰাকী বোৱৰী, এগৰাকী জীয়াৰীক ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁৰ পত্নীৰ ইতিমধ্যে ২০২২ চনত মৃত্যু হৈছে। জানিব পৰা মতে তেওঁৰ জানেজা গুৱাহাটীতে সম্পন্ন হৈছে। 

 

শিক্ষক নগাওঁ