শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশন

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশন

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ ৰাইডঙীয়া ফুলগুৰি গাঁৱৰ ভকত বৈষ্ণৱৰ আতিথ্যত গোপাল চন্দ্র পাটৰ সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইলক্ষ্মী আঞ্চলিক শাখাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশনখনি বুধবাৰে সামৰণি পৰে। কালি প্ৰথম দিনা পুৱাৰ ভাগত ফুলচিং পাটৰৰ দ্বাৰা প্ৰাতঃপ্ৰসংগ, হলিৰাম পাটৰ, যজ্ঞচিং পাটৰ আৰু কাৰ্তিক বৰদলৈৰ দ্বাৰা বৃক্ষ ৰোপন সম্পন্ন হোৱাৰ পিছত হাঁহিৰাম পাটৰ সোঁৱৰণি মূল দ্বাৰ উন্মোচন কৰে ৰুদ্ৰ শইকীয়াই।

Advertisment

পৰবৰ্তী সময়ত কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সন্ধ্যা ৬ বজাত গুৰুজনাৰ সংস্কৃতি প্ৰদৰ্শন কৰে স্থানীয় আই মাতৃ আৰু শিশু সকলে। আজি পুৱা ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া তিলক পাটৰ সোৱৰণি মুকলি মঞ্চত মুকলি সভা অনুষ্ঠিত হয়। আঞ্চলিক সভাপতি ফনিন্দ্র বৰাই সভাপতিত্ব কৰা মুকলি সভাত অংশগ্ৰহন কৰে জিলা বিষয়ববীয়া কৃষ্ণকমল খাটনিয়াৰ আৰু নিত্যানন্দ বৰাই।

সমগ্ৰ দুদিনীয়াকৈ অনুষ্ঠিত বাৰ্ষিক অধিবেশন আটকধুনীয়া প্ৰবেশদ্বাৰ, বিহুৰাম পাটৰ সোঁৱৰণি মণ্ডপৰ ভোজনালয় আৰু অকণিৰ সাহিত্য সভাৰ গ্ৰন্থ বিপনিয়ে ভতক বৈষ্ণৱ সকলক আপ্লুত কৰে। অধিবেশনৰ শেষত সম্পাদক বলেন পাটৰ আৰু সভাপতি যজ্ঞচিং পাটৰে শলাগৰ শৰাই আগবঢ়াই সেৱা ধৰি অধিবেশনৰ কাৰ্যসূচী অন্ত ঘোষণা কৰে।

Also Read: কোকৰাঝাৰত সাংস্কৃতিক বিনিময়ৰে নিজম পৰিল উত্তৰ-পূৰ্বাঞ্চল মহোৎসৱ ২০২৪