/asomiyapratidin/media/media_files/2025/10/25/1-2025-10-25-15-59-58.jpg)
ডিজিটেল সংবাদ,কামপুৰ: নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ২ নং কচুৱাৰ ছুহাইল আহমেদ নামৰ এজন যুৱকৰ বিহাৰত অকাল মৃত্যু ঘটে। জানিব পৰা মতে ২৩ অক্টোবৰত পুৱাই সংঘটিত হয় এই কৰুণ ঘটনা।
লগৰীয়াৰ লগত নিজ ঘৰৰ পৰা মুম্বাইলৈ যোৱা অৱস্থাত বিহাৰৰ খাগাৰীয়া জিলাৰ মহেশ্বকুঠত পুৱা ৰেলৰ পৰা পৰি অকাল মৃত্যুক সাৱটি ল'ব লগা হয় যুৱকজনে।
আজি এম্বুলেন্স যোগে যুৱকৰ নশ্বৰ দেহ নিজ বাসগৃহত অনাৰ পিছত সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিবেশে বিৰাজ কৰে। মৃত যুৱকৰ জানাজাৰ নামাজ আজি সন্ধিয়া ৫ বজাত শ শ লোকৰ উপস্থিতিত সম্পন্ন কৰা হব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us