কামপুৰত অঘটনঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামত নিয়োজিত শ্ৰমিকৰ মৃত্যু

কামপুৰৰ মীনাৰপামত আজি বিয়লি সংঘটিত হৈছে এক অঘটন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা গাওঁখনত নতুনকৈ নিৰ্মাণ কৰি থকা পানী টেংকীৰ এগৰাকী শ্ৰমিক দুৰ্ঘটনাৰ সন্মুখীন হৈ মৃত্যু বৰণ কৰিবলগীয়া হৈছে। 

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ মীনাৰপামত আজি বিয়লি সংঘটিত হৈছে এক অঘটন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা গাওঁখনত নতুনকৈ নিৰ্মাণ কৰি থকা পানী টেংকীৰ এগৰাকী শ্ৰমিক দুৰ্ঘটনাৰ সন্মুখীন হৈ মৃত্যু বৰণ কৰিবলগীয়া হৈছে। 

Advertisment

জানিব পৰা মতে আজি পানী টেংকীৰ ওপৰলৈ ড্ৰাম উঠাই থকাৰ সময়তে আকস্মিকভাৱে জখলাৰ এডাল বাঁহ ভাঙি যায়। ফলত টেংকীৰ ওপৰৰ পৰা পৰি এজন লোক তললৈ সৰি পৰে৷

মৃত লোক জন মীনাৰপাম গাঁৱৰ জামাল উদ্দিন (৫০) ৷ ঘটনাৰ পাছতে ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

শ্ৰমিক হিচাপে নিয়োজিত লোকজনৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

জনস্বাস্থ্য কাৰিকৰী বিভাগ কামপুৰ