সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহৰ অনুষ্ঠিত...

জামুগুৰিহাটৰ মঙ্গলবৰীয়া অঞ্চলত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহৰ অনুষ্ঠিত হৈছে ।

author-image
Asomiya Pratidin
New Update
সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহৰ অনুষ্ঠিত...

ডিজিটেল ডেস্কঃ জামুগুৰিহাটৰ মঙ্গলবৰীয়া অঞ্চলত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহৰ অনুষ্ঠিত হৈছে । জ্যেষ্ঠ সমাজকৰ্মী ধনপতী কাফলেৰ পৰিয়ালবৰ্গৰ উদ্যোগত অনুষ্ঠিত শ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠানত মূল প্ৰবচক হিচাপে উপস্থিত থাকে সুদুৰ বৃন্দাবন আশ্ৰমৰ শ্ৰী বাসুদেৱ চৰণ দেবাচাৰ্য্য ৷

Advertisment

প্ৰৱচক গৰাকীয়ে গীতাৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় শ্ৰী মদ্ভাগৱত কেৱল ধৰ্মীয় গ্ৰন্থই নহয় ই হ'ল ভাৰতীয় সমাজ-সংস্কৃতি, জীৱন দৰ্শনৰ প্ৰতিক স্বৰূপ । সাংস্কৃতিক অনুষ্ঠান আদিয়ে মানুহৰ মাজত একতা আৰু ভাতৃত্বৰ বান্ধোন টনকিয়াল কৰে । এই জ্ঞান মহাযজ্ঞ সমাৰোহত হেজাৰ হেজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণে অঞ্চলটোক বৃন্দাবনলৈ পৰিণত কৰে ৷

Also Read: শিল্পী অৰুণ দাস চিকিৎসাধীন...

bhawagat gyan gyan samaruh