নগাঁৱত বন বিভাগৰ অভিযানঃ গঁড়ৰ খৰ্গসহ এটা চোৰাং চিকাৰী আটক...

গোপন সূত্ৰৰ আধাৰত গুৱাহাটীৰ পৰা আহি বন বিভাগে চলাইছিল অভিযান

author-image
Asomiya Pratidin
New Update
নগাঁৱত বন বিভাগৰ অভিযানঃ গঁড়ৰ খৰ্গসহ এটা চোৰাং চিকাৰী আটক...

নগাঁৱত বন বিভাগৰ অভিযানঃ গঁড়ৰ খৰ্গসহ এটা চোৰাং চিকাৰী আটক...

ডিজিটেল সংবাদ নগাওঁঃ আজি গুৱাহাটীৰ পৰা অহা এটা বন বিভাগৰ অভিযানকাৰী দলে নগাঁৱত অভিযান চলাই এটা দুধৰ্ষ চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীটোৰ নাম ছুলেমান আলী।

Advertisment

বন বিভাগৰ অভিযানকাৰী দলটোৱে নগাওঁ চহৰৰ পানীগাঁৱস্থিত নিজ বাসগৃহৰ পৰাই ছুলেমান আলীক আটক কৰিছে। এই অভিযানত এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

গোপন সূত্ৰৰ খবৰৰ আধাৰত চলোৱা এই অভিযানত সফলতা লাভ কৰাৰ পাছতেই চোৰাং চিকাৰী ছুলেমানক গুৱাহাটীলৈ লৈ যায়। জানিব পৰা মতে অধিক তথ্যৰ বাবে গুৱাহাটীত সোধপোছ চলাব অভিযানকাৰী দলটোৱে।

Also Read: অতীত 'ভাৰত আউট' শ্লোগানঃ মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ক'লে ভাৰত আমাৰ অমূল্য বন্ধু

চোৰাং চিকাৰী বন বিভাগ