/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/70224e1d-460e-40ab-a60b-c760b63b3218/nagaon_r_maina.jpg)
ডিজিটেল সংবাদ,নগাঁও : মধ্য অসমৰ অগ্ৰণী ফটোগ্ৰাফীৰ শিক্ষানুষ্ঠান ভিউফাইণ্ডাৰে প্ৰতি বছৰৰ দৰে এইবছৰো অহা ১৯ আগষ্টত বিশ্ব আলোকচিত্র দিৱস পালন কৰিবলৈ প্ৰস্তুতি চলাইছে। নগাঁৱৰ শিল্পকলাৰ ক্ষেত্রখনত নিৰৱে চৰ্চা চলাই থকা উদীয়মান শিল্পীসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে উক্ত অনুষ্ঠানটিয়ে এক বিশেষ বঁটা প্ৰদান কৰি আহিছে।
সেই অনুসৰি শিক্ষানুষ্ঠান ভিউফাইণ্ডাৰে প্ৰয়াত 'লাবণ্য শইকীয়া সোঁৱৰণি ভিউফাইণ্ডাৰ বঁটা'ৰ বাবে এইবাৰৰ বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে। ২০২৩ বৰ্ষৰ এই বঁটাৰ বাবে জনপ্ৰিয় সাহিত্যিক তথা কেনভাচ, শিলকে আদি কৰি বিভিন্ন মাধ্যমত ৰং-তুলিকাৰে সপোন ৰচা নগাঁৱৰ উদীয়মান শিল্পকাৰ শৰ্মিষ্ঠা প্ৰীতমক মনোনীত কৰিছে। এই বঁটাত আছে নগদ ১০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্র।
নগাঁও ছোৱালী কলেজৰ চিন্তা জুৰনী প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীর্য পূৰ্ণ সভাত এই বঁটা প্ৰদান কৰা উপৰিও সেইদিনা প্ৰয়াত আলোকচিত্ৰ শিল্পী পাৰ্থসাৰথি বৰুৱা সোঁৱৰণি ফটোগ্ৰাফী বঁটাও প্ৰদান কৰা হ'ব।
এই বঁটাটিত থাকিব নগদ ১০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্র। উক্ত সভাতে চিত্ৰশিল্পী পল্লৱী শৰ্মাৰ সম্পাদনাত নগাঁৱৰ পৰা প্ৰকাশিত শিল্পকলাৰ দ্বিবার্ষিক আলোচনী চিত্ৰপটৰ চতুর্থ সংখ্যাটি উন্মোচন কৰা হ'ব।
নগাঁৱৰ প্ৰবীন ভাস্কৰ্যশিল্পী তথা বাঁহীবাদক অশ্বিনী শৰ্মাৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ উন্মোচন হ'বলগীয়া এই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব প্ৰসিদ্ধ চিত্ৰশিল্পী ননী বৰপূজাৰী, অতুল বৰুৱা, কিশোৰ কুমাৰ দাস আৰু চলচ্চিত্র নিৰ্মাতা ৰীমা বৰা।
Also Read: বিলাসীপাৰাত শূন্যলৈ গুলীচালনা কৰি পলায়ন কৰা দুষ্কৃতিকাৰীক আটক