৯ ডিচেম্বৰত নগাঁৱত 'ৰাষ্ট্ৰীয় লোক আদালত'ৰ আয়োজন

৯ ডিচেম্বৰত নগাঁৱত 'ৰাষ্ট্ৰীয় লোক আদালত'ৰ আয়োজন

ডিজিটেল সংবাদ, নগাঁও: ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ তত্বাৱধানত নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ৯ ডিচেম্বৰত পুৱা ১০ বজাৰ পৰা নগাঁও ন্যায়িক আদালত ভৱনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীনভাৱে, খৰতকীয়াকৈ নিস্পত্তিৰ ব্যৱস্থা কৰা হ'ব উক্ত লোক আদালতত।

তদুপৰি বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিস্পত্তিৰ ব্যৱস্থা কৰা হ'ব এই ৰাষ্ট্ৰীয় লোক আদালতৰ জড়িয়তে ৷ ৰাইজৰ সুবিধাৰ্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই সম্পৰ্কত নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিবে নগাওঁ ন্যায়িক আদালত ভৱনৰ চতুৰ্থ মহলাৰ ৬৩নং কক্ষৰ লগত আৰু ৬৯০১২৮১৬৪২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলোক প্ৰক্ষকে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সচিব মনিকা মিশ্ৰঙে আহ্বান জনাইছে ৷

৯ ডিচেম্বৰত নগাঁৱত 'ৰাষ্ট্ৰীয় লোক আদালত'ৰ আয়োজন
APSC কেলেংকাৰীঃ পুনৰ ৩ ৰাজপত্ৰিত বিষয়াক চি আই ডিত হাজিৰ হোৱাৰ নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in