নগাঁৱত আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত নিষ্পত্তি ৮২৯টা গোচৰ...

ৰাষ্ট্ৰীয় লোক-আদালতৰ লগত সংগতি ৰাখি নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত নগাঁও জিলা আদালত ভৱন প্ৰাংগনত বেংক ঋণ গোচৰ, বি এছ এন এল, বিদ্যুৎ বিলৰ গোচৰ, পানী বিলৰ গোচৰ, শ্রমিক সম্পৰ্কীয় ইত্যাদি গোচৰৰে অধিকাংশ গোচৰ নিষ্পত্তি কৰা হয় ।
নগাঁৱত আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত নিষ্পত্তি ৮২৯টা গোচৰ...

ডিজিটেল সংবাদ,বেবেজীয়াঃ ৰাষ্ট্ৰীয় লোক-আদালতৰ লগত সংগতি ৰাখি নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত নগাঁও জিলা আদালত ভৱন প্ৰাংগনত মটৰ দুৰ্ঘটনা গোচৰ,দেৱানী গোচৰ,যান-বাহন গোচৰ, ফৌজদাৰী গোচৰ (Compoundable) আৰু প্ৰি লিটিগ্ৰেটেন্ট কেছ (Pre-litigation cases) যেনে- বাকীজাই গোচৰ, ভূমি অধিগ্রহণ গোচৰ, ১৩৮ ধাৰাৰ এন আই গোচৰ, বেংক ঋণ গোচৰ, বি এছ এন এল, বিদ্যুৎ বিলৰ গোচৰ, পানী বিলৰ গোচৰ, শ্রমিক সম্পৰ্কীয় ইত্যাদি গোচৰৰে অধিকাংশ গোচৰ নিষ্পত্তি কৰা হয়।

ইয়াৰে ৬০৪৭টা গোচৰৰ ৫১০টা গোচৰ আপোচ মিমাংসাৰে নিষ্পত্তি হোৱাৰ লগতে চেটেলমেন্ট ধনৰাশিৰ পৰিমাণ হৈছে ১ কোটি ৬০ লাখ ৫২ হেজাৰ ২৭১টকা ৷ আনহাতে, মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন গোচৰ, ফৌজদাৰী গোচৰৰ ১৮৪৯টা গোচৰৰ ৩১৯টা গোচৰ আপোচ মিমাংসাৰে নিষ্পত্তি হোৱাৰ বিপৰীতে চেটেলমেন্ট ধনৰাশিৰ পৰিমাণ হৈছে ৮৪ লাখ ৩ হেজাৰ ১০০ টকা । উল্লেখ্য যে ৰাষ্ট্ৰীয় লোক আদালতত ক্ষিপ্ৰতাৰে গোচৰ নিষ্পত্তি কৰাৰ বাবে সমগ্ৰ দেশতে এটা দিনতে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হয় ।

ইয়াৰ উপৰিও নিষ্পত্তি হোৱা গোচৰৰ পৰৱৰ্তী সময়ত কোনোধৰণৰ আপীল কৰাৰ ব্যৱস্থা নাথাকে। নগাঁৱত আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ ৰক্তিম দুৱৰাৰ লগতে নগাঁৱৰ অতিৰিক্ত ন্যায়াধীশ সকলৰ ওপৰিও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মনিকা মিছং উপস্থিত থাকি সকলো দিশ পৰ্যৱেক্ষণ কৰি দিনযোৰাকৈ আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতৰ সফলতাৰে সামৰণি পৰে । উল্লেখ্য যে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব হিচাপে মনিকা মিছঙে নগাঁৱত দায়িত্ব গ্ৰহণ কৰাৰ পাছতে দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত সুচাৰুৰূপে সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ৷

নগাঁৱত আয়োজিত ৰাষ্ট্ৰীয় লোক আদালতত নিষ্পত্তি ৮২৯টা গোচৰ...
মূল্যবৃদ্ধি! পেট্ৰ'লৰ মূল্য ১৭০, ৰন্ধন গেছৰ ১৮০০ লৈ বৃদ্ধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in