/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/83cf724c-dea0-41a8-974f-f12437ce84f7/sobi.jpg)
বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক সমাৰোহ
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক সমাৰোহ মঙলবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্বত কৰে ইন্দ্ৰমোহন বৰুৱাই।
বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই উদেশ্যে ব্যখ্যা কৰা অনুষ্ঠানটিত চিত্ৰকলা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোহন বৰুৱা, উপদেষ্টা দিলীপ দেৱ গোস্বামী, তুৱাৰাম বৰুৱা, সোমনাথ বৰা, জুুনুমনি ভূঞা, দিব্যজ্যোতি বৰুৱাকে আদি কৰি অভিভাৱক-অভিভাবিকা, ছাত্ৰ-ছাত্ৰী, অতিথি সহ সহস্ৰাধিক লোক উপস্থিত থাকে।
বৰগীত, সত্ৰীয়া নৃত্য, আধুনিক গীত-নৃত্য,অসমীয়া সাজ পাৰ প্ৰতিযোগিতা, কবিতা আবৃত্তি আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত বঁটা বিতৰণী কৰা হয়। ইফালে বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৃষ্ট সুন্দৰ ছবিসমূহৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত হয় বুলি জনায়।
আৰু পঢ়কঃ ৰঙাজানত মে-ডাম-মে-ফী পালন