/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/0l4j0mt4/58347c1f-027f-402c-869f-3682373b1297.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বৰক'লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰ চাহিবত বৰক'লাৰ সমূহ শিখ সংগতৰ সহযোগত কেন্দ্ৰীয়ভাৱে ৬ চেপ্তেম্বৰৰ পৰা পাঁচদিনীয়াকৈ আয়োজিত শ্ৰীগুৰু গ্ৰন্থ চাহিবৰ ৪২০ সংখ্যক প্ৰকাশ দিৱসটি মঙলবাৰে সন্ধিয়া সফলভাৱে সামৰণি পৰে । পুৱা ৯ বজাত শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ দ্বিতীয় তথা অন্তিম পবিত্ৰ অখণ্ড পাঠ অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/vquc7vlg/21089c62-06a6-453c-9f8a-b8b23cab4866.jpg)
১১ বজাৰ পৰা শ্বৰবদ কীৰ্ত্তন আৰু ধৰ্মালোচনী সভা (দিৱান) অনুষ্ঠিত হয় । উক্ত ধৰ্মালোচনী সভাত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে অংশগ্ৰহণ কৰি শিখ সমাজৰ আদৰ আপ্যায়নত অভিভূত হৈ পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/cxysf2gh/ad28660d-6593-4bc9-81e9-c6ab15be7f61.jpg)
ধৰ্মালোচনী সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে কয় যে বৰক'লাৰ অসমীয়া শিখসকলে অসমীয়া সংস্কৃতি আকোঁৱালি লৈ অসমীয়া সমাজ জীৱনত একাত্ম হৈ পৰাটো সঁচাকৈ প্ৰশংসনীয় । বৰক'লাৰ শিখ সংগতৰ সম্পাদক শ্যাম সিঙে আঁত ধৰা আৰু বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙে সভাপতিত্ব কৰা সভাখনিত অৱসৰপ্ৰাপ্ত অসামৰিক সেৱা বিষয়া গুৰুদ্বীপ সিং পানেচাৰ, নগাঁও গুৰুদ্বাৰৰ সভাপতি চৰ্দাৰ সুৰেন্দ্ৰ সিং, সম্পাদক হৰভজন সিং খালচা, কৰ্ণেল সিং, চৰ্দাৰ ৰাম সিং, অভিযন্তা অৱতাৰ সিঙে শ্ৰী গুৰুগ্ৰন্থ চাহিব সম্পৰ্কে ভাষণ প্ৰদান কৰি আলোকপাত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/hwyw8ykb/20e80e0c-bef6-420e-a102-a3036bd4eb2e.jpg)
অনুষ্ঠানত অখৰ সিং জেঠাদাৰ, নবীন সিং, জ্ঞানী কিষাণ সিং, জ্ঞানী জচবীৰ সিং, মনাপ্ৰিত কৌৰ, নাৰিন্দা পাল কৌৰকে ধৰি কেইবাগৰাকী লোকে শ্বৰৱদ কীৰ্ত্তন কৰে । উল্লখ্য যে সন্ধিয়ালৈকে অনুষ্ঠিত হোৱা বৰক'লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰ চাহিবত শ্ৰীগুৰু গ্ৰন্থ চাহিবৰ ৪২০ সংখ্যক প্ৰকাশ দিৱসত ৰঞ্জু সিং, চমচেৰ সিং, শ্ৰৱণ সিং, ভজন সিং, লাল সিং, তেজা সিং, প্ৰতাপ সিং, দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ৰতন সিং, ডা থ্ৰীনাৰায়ন সিঙকে ধৰি বৰক'লা শিখ সমাজৰ সমূহ লোক উপস্থিত থাকে ।
Also Read: ক্ৰিকেট নহয়,ফুটবলৰ বাবে চৰ্চালৈ আহিছে সঞ্জু ছেমছনৰ নাম...