নগাঁৱত আৰক্ষীৰ অভিযানত ৪ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

নগাঁৱত আৰক্ষীৰ অভিযানত ৪ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, কামপুৰ: জালিয়াতিৰে চীম কাৰ্ড ওলিয়াই বিভিন্ন অ-সামাজিক কাৰ্যকলাপত জড়িত থকা অভিযোগত নগাওঁ জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱা আৰু বটদ্ৰৱা থানাৰ এলেকাৰ পৰা আৰক্ষীয়ে ৪জন লোকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, সোমবাৰৰ নিশা কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত উজানমাৰীৰ পৰা ৪ জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। আটক কৰা লোককেইজনৰ পৰা ৪৯৫ খন জিঅ’ চিম কাৰ্ড, ১০ টা মোবাইল হেণ্ডছেট, ২ টা পাৱাৰ বেংক উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, লোককেইজনক জালী ইলেক্ট্ৰনিক নথি-পত্ৰ ব্যৱহাৰ কৰি জালিয়াতিৰে অ’ টি পি সৃষ্টি কৰাৰ লগতে চাইবাৰ জালিয়াতিৰ সৈতে জড়িত থকা অপৰাধত আৰক্ষীয়ে আটক কৰে। ব্যক্তিকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইজনৰ নাম ক্ৰমে কচুৱা থানাৰ অন্তুৰ্গত উজানমাৰীৰ আব্দুল ৰহমান (২৮), নগাঁও জিলাৰ বট্দ্ৰৱা থানাৰ আমলখিৰ ফাইজুল হোকে (২৮), বটদ্ৰৱা থানাৰ আমলখিৰ উমৰ ফাৰুক (১৯) আৰু বটদ্ৰৱা থানাৰ আমলখিৰ ছাদ্ধাম আলি বুলি জানিব পৰা গৈছে।

নগাঁৱত আৰক্ষীৰ অভিযানত ৪ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ
নাগালেণ্ডৰ অভিযোগৰ ভিত্তিত মেৰাপানীত বন্ধ হ'ল চৰকাৰী আঁচনিৰ কাম

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in