/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/cqz0s3a8/11.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। পাছত বৰগীতেৰে আৰম্ভণি কৰা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ দেৱজিৎ মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/b84x2quj/edc6b0a2-d74d-44ab-beca-3881248a04c0.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/7k7x9ub3/3a76fa8c-0869-4f3f-a415-d8017b84636b.jpg)
সভাত নৱ নিযুক্ত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুজিৎ কুমাৰ শৰ্মাই ভাষন প্ৰদান কৰাৰ উপৰিও প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়়ৰ জন্মৰ পৰা বৰ্তমানলৈ ইতিহাস বৰ্ণনা কৰে। শিক্ষা বিভাগৰ অধ্যাপিকা প্ৰনামিকা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংক প্ৰতিযোগিতা, সাজ সজ্জা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। অনুষ্ঠানটিত অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয়ৰ জেষ্ঠ কাৰ্যালয় সহায়ক ৰাজেন্দ্ৰ শইকীয়াৰ লগতে কৰ্মচাৰীবৃন্দ, ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।
Also Read: বৰহাজাৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ ডেকা সন্ধানহীন