Advertisment

আদানিৰ লুণ্ঠন ৰাজ যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰাৰ দাবীত ধৰ্মঘট...

আদানিৰ লুণ্ঠন ৰাজ যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰাৰ দাবীত ধৰ্মঘট...

author-image
Asomiya Pratidin
New Update
আদানিৰ লুণ্ঠন ৰাজ যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰাৰ দাবীত ধৰ্মঘট...

আদানিৰ লুণ্ঠন ৰাজ যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰাৰ দাবীত ধৰ্মঘট...

ডিজিটেল সংবাদ নগাঁও : গৌতম আদানিয়ে দেশৰ সম্পদ আৰু জনসাধাৰণৰ ধন-সম্পতি জালিয়াতিৰে কৰা লুণ্ঠন ৰাজ যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰাৰ দাবীত নগাঁৱত চাৰিটা বাওঁদলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সন্মুখত চি পি আই, চি পিআই(এম), চি পি আই(এম এল) আৰ চি পি আইৰ নেতা কৰ্মীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৌতম আদানিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়।

Advertisment

অৱস্থান ধৰ্মঘটকাৰীসকলে আদানি হায় হায়, বিজেপি চৰকাৰ হায় হায়, মোডী-আদানি ভাই ভাই, আদানিৰ লুণ্ঠন ৰাজৰ তদন্ত কৰক আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চি পি আইৰ ৰাতুল বৰা, মনোজ সিংহ ৰাজা, জিতু কুমাৰ নাথ, চি পি আই (এম)ৰ গোবিন নাথ, মদন বৰা, আৰ চি পি আইৰ ইনামুল হুদা আৰু চি পি আই (এম এল)ৰ মৃনালী দেবীকে ধৰি দল কেইটাৰ ভালে সংখ্যক নেতা কৰ্মীয়ে অৱস্থান ধৰ্মঘটত অংশ গ্ৰহণ কৰে।

Also Read: আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ 'উদ্ভাৱণ উৎসৱ': দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা ২০২৩ প্ৰদান...

গৌতম আদানি আদানি গ্ৰুপ