/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3346e54b-6cc5-49a5-83c9-7914a888055d/6.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলী : নগাওঁ জিলাৰ কঠিয়াতলী আৰক্ষী পহৰা চকীৰ দৈনিক তালাচীৰ সমযত গাড়ীসহ ২ চোৰ আটক ৷ কঠিয়াতলী আৰক্ষীৰ দৈনিক তালাচীত নগাঁও অভিমুখে আহি থকা সময়ত ধৰা পৰে গাড়ী চোৰ ২টা ৷
চোৰ দুটা ক্ৰমে চামগুৰিৰ প্ৰবিত্ৰ দাস আৰু আমনিৰ ৰমেশ দাস বুলি জানিব পৰা গৈছে৷ এখন চুৰি স্কুটীসহ আটক কৰা হয় দুয়োকো। চুৰি স্কুটী খনৰ নম্বৰ AS02AH 9805। ধৃত চোৰ দুটাক বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ আৰক্ষীৰ ৷
Also Read: উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিধায়ক আফতাব উদ্দীন মোল্লা