/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ds.png)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলা পৰিষদৰ পুঁজি বিতৰনৰ ক্ষেত্ৰত এক বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছে৷ বিশেষকৈ নগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ অকমন্যতাৰ সুযোগ লৈ একাংশ নগাঁৱৰ বিজেপি নেতা আৰু বিধায়ক-মন্ত্ৰীৰ অহেতুক হস্তক্ষেপৰ বাবে এতিয়া নগাওঁ জিলা পৰিষদত চৰম অৰাজকতাই দেখা দিছে ৷ নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জনক ব্যৱহাৰ কৰি পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি সকলৰ অলক্ষিতে বৃহৎ পৰিমানৰ আবন্টিত পুঁজি হস্তগত কৰিব বিচৰা কাৰ্যটোত ৰাজনৈতিক নেতা, বিধায়ক, মন্ত্ৰী জড়িত হৈ থকাৰ অভিযোগ উঠিছে৷
ইয়াৰ পৰিপ্ৰেক্ষিততে ১৬ মাৰ্চৰ নিশা ২০ জনকৈ জিলা পৰিষদৰ প্ৰতিনিধিয়ে নগাঁও উপায়ুক্তৰ ওচৰত পৰিষদৰ সভানেত্ৰী মুন মনি দাস বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰি লিখিত পত্ৰ প্ৰদান কৰিছিল ৷ এই ঘটনাৰ পিছত ১৭ মাৰ্চত হাহাকাৰ লাগিছিল নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ত ৷ সভানেত্ৰী মুন মণি দাস বৰা আৰু উপ সভাপতি প্ৰমোদ লস্কৰে এই অনাস্হাৰ ভিত্তি নাই বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল ৷
পঞ্চায়তী আইন মতে অনাস্থাৰ পত্ৰ পৰিষদৰ সভানেত্ৰীক প্ৰথমে দিব লাগে বুলি কৈ সভানেত্ৰী দাস বৰা আৰু উপ সভাপতি লস্কৰে গোপন কৰিছিল ২০ জনকৈ বিদ্ৰোহী সদস্যই সভানেত্ৰীক প্ৰদান কৰা অনাস্থা প্ৰত্ৰ প্ৰদানৰ কথা ৷ জানিব পৰা মতে বিদ্ৰোহী ২০ সদস্যই ১৬ মাৰ্চতে জিলা পৰিষদৰ কাৰ্যালয়ত অনাস্হা প্ৰকাশৰ পত্ৰ প্ৰদান কৰিছিল ৷ বিদ্ৰোহী সদস্য সকলে কাৰ্যালয়ৰ পৰা প্ৰাপ্তি স্বীকাৰ কৰি লৈছিল ৷ বৰ্তমান সভানেত্ৰীৰ বিৰুদ্ধে অহা অনাস্থা পত্ৰ গ্ৰাহ্য কৰা হৈছে আৰু প্ৰাপ্তি স্বীকাৰ কৰা সময়ৰ পৰা সাত দিনৰ ভিতৰত সভা আহ্বান কৰিবলৈ সভানেত্ৰী সভা পাতিবলৈ বাধ্য ৷
সভানেত্ৰীয়ে এই সমগ্ৰ ঘটনা গাপ দি বিপথে পৰিচালিত কৰাৰ লগতে পৰিষদলৈ আবন্টিত পুজিৰ বৃহৎ অংশ গোপনে মুখ্য কাৰ্যবাহী বিষয়াৰ জৰিয়তে নিৰ্দিষ্ট এলেকালৈ মোকলাই দিব বিছৰা ঘটনা সমানে উন্মোচিত হোৱাৰ পিছত সভানেত্ৰী আৰু উপ সভাপতিৰ সংগ দান কৰা ৭ জন সদস্যৰ মাজৰ একাংশ ক্ষুন্ন হৈ পৰিছে ৷
অভিযোগ মতে নগাঁও জিলা পৰিষদলৈ আবন্টিত ১৪ কোটি ৮৭ লাখ টকাৰ ১ কোটি ৪৪ লাখ টকা অবৈধ ভাবে মোকলাই দিয়াৰ প্ৰস্তুতি সম্পন্ন কৰা হৈছিল ৷ পঞ্চাদশ বিত্তীয় আয়োগৰ ১. ৪৪ কোটি টকা জিলা পৰিষদৰ সাধাৰন পৰিষদৰ অনুমোদন অবিহনে মোকলাই দিব বিছৰা হৈছিল ৷ এই ধনৰ পৰা ৩০ লাখ টকা ৰূপহীত , কলিয়াবৰত ২০ লাখ টকা , কাচমাৰীত ৩৯ লাখ , ৰহাত ২০ লাখ , চাপানালাত ২০ লাখ টকা , জাগীয়ালত ১৫ লাখ টকা অবৈধ ভাবে মোকলাই দিব বিছৰা হৈছিল ৷ সভানেত্ৰী মুন মনি দাস বৰা আৰু মুখ্য কাৰ্যবাহী বিষয়াই গোপনে নগাঁৱৰ একাংশ ৰাজনৈতিক নেতা , বিধায়ক , মন্ত্ৰীক সন্তোষ্ট কৰিবলৈ আবন্টিত পুঁজি বিতৰনৰ এই কেলেংকাৰীত লিপ্ত হৈছিল ৷
এই ক্ষেত্ৰত ৰাজনৈতিক নেতা কেইজন আৰু বিধায়ক-মন্ত্ৰীয়ে ৰহস্য জনক নিৰবতা অৱলম্বন কৰিছিল ৷ ২০ জন বিদ্ৰোহী সদস্যৰ নেতৃত্ব বহন কৰা ৰীতা কাকতি বৰাই বিশেষকৈ দলীয় পূৰ্বৰ সিদ্ধান্ত অনুসৰি সভানেত্ৰী আসনৰ দাবীদাৰ হৈ উঠাত এই সমগ্ৰ পুঁজি আবন্টনৰ কেলেংকাৰী গাপ দিবলৈ চেষ্টা কৰা হৈছিল ৷ লগতে বিজেপিৰ সদস্য সকলক আবন্টিত পুঁজিৰ পৰা ৫০ লাখকৈ আৰু বিৰোধী সদস্যক ৩৫ লাখকৈ পুঁজি দিয়া হ'ব বুলি প্ৰচাৰ চলোৱা হৈছিল যদিও বিজেপি সদস্য সকলক ১৩ লাখকৈ আৰু বিৰোধী সদস্যক ১২ লাখকৈহে বিতৰন কৰিবলৈ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ গোপন অভিসন্ধি ফাদিল হোৱাত সভানেত্ৰী মুন মণি দাস বৰাৰ বিৰুদ্ধে বিজেপিৰে পাঁচ সদস্যই মুকলি বিদ্ৰোহ ঘোষণা কৰে ৷
এই পাঁচ বিজেপি সদস্যই নিজ দলৰ সভানেত্ৰীৰ বিৰুদ্ধে কংগ্ৰছৰ , অগপ আৰু দুজন এ আই ইউ ডি এফৰ সদস্যক একত্ৰিত কৰি অনাস্হা প্ৰকাশ কৰি নগাঁও জিলা পৰিষদৰ সভানেত্ৰী আৰু জিলা উপাযুক্তৰ ওচৰত লিখিত পত্ৰ দাখিল কৰে ৷ পুঁজি আবন্টন ক্ষেত্ৰত সংঘটিত এই কেলেংকাৰী সৰ্ন্দভত নগাঁৱৰ অভিভাবক মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি বিদ্ৰোহী দলটোয়ে সাক্ষাত কৰিব বুলিও জানিব পৰা গৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us