/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/561ce3f0-cbd4-4350-a836-a89ba9c9471f/ui.jpg)
ডিজিটেল সংবাদ,নগাঁও : অভিনৱ আৰু নতুন চিন্তাৰে বৌদ্ধিক পৰিমণ্ডলত চৰ্চিত হৈ পৰিছে এগৰাকী নগঞা যুৱক । ক্ষুৰ-কেঁচীৰ সমান্তৰালকৈ চেলুনতে গ্ৰন্থ বিপ্লৱ আৰম্ভ কৰি সমাদৃত হৈ পৰিছে যুৱকজন । গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবৰ বাবেই নগঞা এই যুৱকজনে আৰম্ভ কৰিছে নীৰবে গ্ৰন্থ বিপ্লৱ ৷
নগাঁৱৰ এই চেলুনখনৰ নাম হৈছে চিকুণ মহল । নগাঁও জিলাৰ খালৈগাঁৱৰ নগাঁও-মৰিগাঁও সংযোগী পথৰ দাঁতিত অৱস্থিত এই বিশেষ চেলুনখন । সম্প্ৰতি ৰাজ্যৰ বৌদ্ধিক পৰিমণ্ডলটো চৰ্চিত হৈ পৰিছে এই নাম । কাৰণ, এগৰাকী অসমীয়া ক্ষৌৰকৰ্মীয়ে ক্ষুৰ-কেঁচীৰ সমান্তৰালকৈ এই চেলুনখনতে চলাই গৈছে গ্ৰন্থ বিপ্লৱ ।
চেলুনতে ক্ষুদ্ৰ পুথিভঁৰাল স্থাপন কৰি গ্ৰন্হ অধ্যয়নৰ পৰিবেশ গঢ়িব পাৰি সেই কথা বুজাই দিব বিচাৰিছে খালৈগাঁৱৰে সমীপৰে ৰহঢলাৰ ৩৮ বছৰীয়া যুৱক জিলমিল বৰদলৈয়ে । ফুটবল আৰু সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰবল ধাউতি থকা জিলমিলে মৰিগাঁৱত চুলি কটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি পাঁচ বছৰ পূৰ্বে চেলুন খুলি আৰম্ভ কৰিছিল নিজক স্বাৱলম্বি কৰাৰ পদক্ষেপ ৷
ছাত্ৰাৱস্থাৰ পৰাই কিতাপ পঢ়ি ভালপোৱা ল'ৰাজনে ২০২১ৰ নবেম্বৰত চেলুনতে স্থাপন কৰিলে এটি ক্ষুদ্ৰ পুথিভঁৰাল । চেলুনত দাড়ি-চুলি কটাবলৈ আহিলে কেতিয়াবা বহু সময় অপেক্ষাও কৰিবলগীয়া হয় গ্ৰাহকে । গ্ৰাহকৰ সেই বিৰক্তি দূৰ কৰিবলৈ আৰু অপেক্ষা কৰিব লগা সময়খিনি অপব্যয় নহয় তাৰ বাবে চেলুনতে পুথিভঁৰালৰ স্থাপন কৰে জিলমিল বৰদলৈয়ে ৷
বৰদলৈৰ চেলুনৰ পুথিভড়ালত বৰ্তমান তিনিশৰো অধিক কিতাপ সংৰক্ষণ কৰা হৈছে ৷ জিলমিল বৰদলৈৰ 'চিকুণ মহল'ৰ ক্ষুদ্ৰ পুথিভঁৰালটোত নবীন-প্ৰবীণ লেখক-লেখিকাৰ সৃষ্টিৰ অনবদ্য সম্ভাৰ বুলিব পাৰি । ভিন্ন স্বাদৰ বহু পঠিত গ্ৰন্থৰ লগতে ইয়াত আছে ইংৰাজী সাহিত্যৰো কেইবাখনো মূল্যবান গ্ৰন্থ । যাৰবাবে আজি সৰ্বত্ৰে প্ৰশংসিত জিলমিল বৰদলৈ ।