ভৰা কলঙৰ পৰা উদ্ধাৰ যুৱকক…

ভৰা কলঙৰ পৰা উদ্ধাৰ যুৱকক…

author-image
asomiyapratidin
New Update
ভৰা কলঙৰ পৰা উদ্ধাৰ যুৱকক…

ডিজিটেল সংবাদ,নগাঁও : ভৰা কলঙৰ বুকুৰ পৰা উদ্ধাৰ এজন যুৱকক ৷ যুৱকজনৰ নাম হৈছে ৰনি ঘোষ ৷ অগ্নিনিৰ্বাপক বাহিনী আৰু ডুবাৰুয়ে সোমবাৰে নিশা উদ্ধাৰ কৰে যুৱক জনক ৷

নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ৰ কাষত থকা কাঠৰ দলঙৰ ওচৰত এই ঘটনা সংঘটিত হৈছে ৷ কলঙৰ মাজৰ চিঞৰ শুনি স্থানীয় লোক উপস্থিত হৈ পানীত ককবকাই থকা যুৱকজনক প্ৰত্যক্ষ কৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ডুবাৰু সহিতে অগ্নিনিৰ্বাপক বাহিনীৰ দল আহি যুৱকজনক উদ্ধাৰ কৰে ৷ পিছত চিকিৎসালয়লৈ লৈ যায় ৷

স্থানীয় লোকৰ মতে ৰনি ঘোষ নামৰ লোক জনে ঘৰুৱা সংঘাটৰ বাবে নিশা কলঙত জাপ দিছিল ৷ কলঙৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি বৈ থকাৰ বাবে উক্ত কাঠৰ দলঙ খনেৰে যাতায়ত বন্ধ কৰি থোৱা আছে ৷ নিশা যুবকজনে কলঙত জাপ দিছিল যদিও প্ৰান ৰক্ষা পৰে ৷

আৰু পঢ়ক: যিকোনো মুহুৰ্ততে দেৱেন্দ্ৰ ফাডনাভিছৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা হোৱাৰ সম্ভাৱণা…

nagaon assam