নগাঁৱত প্ৰয়াত আলোকচিত্ৰ শিল্পী পাৰ্থসাৰথি বৰুৱাৰ স্মৃতিচাৰণ সভা…

নগাঁৱত প্ৰয়াত আলোকচিত্ৰ শিল্পী পাৰ্থসাৰথি বৰুৱাৰ স্মৃতিচাৰণ সভা…

author-image
asomiyapratidin
New Update
নগাঁৱত প্ৰয়াত আলোকচিত্ৰ শিল্পী পাৰ্থসাৰথি বৰুৱাৰ স্মৃতিচাৰণ সভা…

ডিজিটেল সংবাদ, নগাঁও : নগাঁও ছোৱালী মহাবিদ্যালয়ত আয়োজিত বিশ্ব আলোকচিত্ৰ দিবসৰ লগত সংগতি ৰাখি প্ৰয়াত আলোকচিত্ৰ শিল্পী পাৰ্থসাৰথি বৰুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানে শুকুৰবাৰে আয়োজন কৰে এই অনুষ্ঠানটি। এই সভাত উপস্থিত থাকে বিশিষ্ট চলচিত্ৰ সমালোচক, সাংবাদিক অপূৰ্ব শৰ্মা, বিশিষ্ট চিত্ৰ শিল্পী কিশোৰ কুমাৰ দাস, আলোকচিত্ৰ শিল্পী সঞ্জীব গোঁহাই বৰুৱা আৰু কেইবাজনো বিশিষ্ট ব্যক্তি।

সভাত উপস্থিত অপূৰ্ব শৰ্মাই কয় যে "ডা° পাৰ্থসাৰথি বৰুৱা স্বশিক্ষাৰে শিক্ষিত এজন ফটোগ্ৰাফাৰ আছিল ৷ বৰ্তমানক শক্তিশালী কৰি তুলিবলৈ তেওঁ ঐতিহ্য সংৰক্ষণত গুৰুত্ব দিছিল ৷ কাৰণ অতীতক নাজানিলে বৰ্তমান শক্তিশালী হ'ব নোৱাৰে ৷ সাধাৰণ ৰূপক ডা° বৰুৱাই শিল্পমন্দিত ৰূপত চাব পাৰিছিল ৷ সুকুমাৰ জ্ঞান গভীৰ আছিল ৷" অপূৰ্ব শৰ্মাই লগতে কয় যে ফটোগ্ৰাফীয়ে এজন লোকক জীৱন্ত কৰি ৰাখিব পাৰে ৷

ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানে আয়োজন কৰা অনুষ্ঠানটিত সাহিত্য সমালোচক প্ৰভাত বৰাই অংশ গ্ৰহণ কৰি কয় যে ফটোগ্ৰাফ হৈছে এটি কলা ৷ সকলো ফটোগ্ৰাফ ফটো নহ'ব পাৰে ৷ ফটোগ্ৰাফত কলা থাকিব লাগিব ৷ স্মৃতিচাৰণ সভাখনিত " পাৰ্থসাৰথি বৰুৱা : কৃৰ্তি আৰু স্মৃতি " শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট চিত্ৰ শিল্পী কিশোৰ কুমাৰ দাসে ৷

গ্ৰন্থখনি উন্মোচন কৰি দাসে কয় যে ডা° বৰুৱাই সমাজৰ বাবে দায়বদ্ধতাৰে কাম কৰিছিল ৷ কলা-সংস্কৃতি ৰক্ষাৰ অৰ্থে তেখেতে নিৰবে কাম কৰিছিল ৷ কাৰণ অতীতক আমি কলা-সংস্কৃতিৰ জৰিয়তেহে জানিব পাৰো ৷ নৃপেন শইকীয়াই আত ধৰা সভাখনিত আলোকচিত্ৰ শিল্পী সঞ্জীব গোহায় বৰুৱাই কয় যে ফটোগ্ৰাফে সময় ধৰি ৰাখিব পাৰে৷ ডা° পাৰ্থ সাৰথি বৰুৱাই বহু উচ্চ মানৰ আৰু অৰ্থবহুল ফটোগ্ৰাফ কৰিছিল বুলি সভাত বক্তব্য আগবঢ়াই ৷

আৰু পঢ়ক : গণপ্ৰহাৰত মৃত্যু গেৰজাইৰ, আঘাতপ্ৰাপ্ত দুই জোৱানক ধেমাজি চিকিৎসালয়লৈ প্ৰেৰণ…

nagaon assam