শঙ্কৰদেৱ চিত্ৰকলা বিদ্যালয় চমুৱা গাঁৱত শঙ্কৰী সংস্কৃতি প্ৰশিক্ষণ কৰ্মশালা…

শঙ্কৰদেৱ চিত্ৰকলা বিদ্যালয় চমুৱা গাঁৱত শঙ্কৰী সংস্কৃতি প্ৰশিক্ষণ কৰ্মশালা…

author-image
asomiyapratidin
New Update
শঙ্কৰদেৱ চিত্ৰকলা বিদ্যালয় চমুৱা গাঁৱত শঙ্কৰী সংস্কৃতি প্ৰশিক্ষণ কৰ্মশালা…

ডিজিটেল সংবাদ , বেবেজীয়া: নগাওঁ জিলাৰ বেবেজীয়া অঞ্চলৰ হাতীচোং মৌজাৰ চমুৱা গাওঁ শঙ্কৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত যোৱা ১জুলাইৰ পৰা মাহযোৰা কাৰ্যসূচীৰে খোল, সত্ৰীয়া নৃত্য, ওজাপালি, ঢোল, চিত্ৰাংকন আদিৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল।

তাৰেই এক অংশ হিচাপে ১০জুলাই পুৱা ১০বজাৰ পৰা চমুৱা গাওঁ চিত্ৰকলা বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা ১০বজাত পতাকা উত্তোলন কৰে শঙ্কৰদেৱ চিত্ৰকলা বিদ্যালয় খনিৰ সভাপতি মিহিৰাম ভূঞাই।

তাৰ পাছতে নটৰাজৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰি অসম চৰকাৰৰ অধীনষ্ঠ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকনে কৰ্মশালা খনিৰ উদ্বোধনী ভাষণ দিয়ে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে হাতীচোং জিলা পৰিষদৰ সদস্যা সীমা ৰেখা ভৰালী, জ্যেষ্ঠ সাংবাদিক, সাংস্কৃতিক কৰ্মী ডা:প্ৰদীপ কুমাৰ ডেকা, স্থানীয় বিশিষ্ট ব্যক্তি গম্ভীৰ নাথ,নৰেন ডেকা, বিপিন বৰা, নৃত্য পত্ৰিয়সী শ্যামলী শইকীয়া, চিত্ৰ শিল্পী সমীৰ নাথ, সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষক পৰাগ কলিতা।

অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থকা অনুষ্ঠানটিৰ আঁত ধৰি সম্পাদক অজিত বৰাই সহযোগিতা আগবঢ়োৱা সকলো লৈকে কৃতজ্ঞতা জ্ঞাপন কৰে।

আৰু পঢ়ক: টি এম পি কেৰ  ডিমৰুগুৰি আঞ্চলিকৰ ৬৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

nagaon assam