/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/kamojkd.jpg)
ডিজিটেল সংবাদ,নগাঁও: শনিবাৰে উত্তৰ-পূব এন. এছ. এছ সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত আৰু নগাঁও কলেজ (অট'ন'মাচ) ৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত 'পানী, অনাময় আৰু স্বচ্ছতা' সম্পৰ্কীয় এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়।
কৰ্মশালাখনৰ আঁত ধৰে নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক তথা এন. এছ. এছ গোটৰ কাৰ্যসূচী বিষয়া ড০ ভুৱন চন্দ্ৰ চুতীয়াই। কৰ্মশালাখনত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। এই কৰ্মশালাত উপস্থিত থাকে উত্তৰ-পূবৰ ভাৰতৰ এন. এছ. এছৰ সঞ্চালক দীপক কুমাৰ।তেখেতে এন.এছ. এছ ৰ কাৰ্যপন্থা সম্পৰ্কে উল্লেখ কৰে।
সমাজক সেৱা আগবঢ়াবৰ বাবে শৈক্ষিক অনুষ্ঠান এখন উপযুক্ত ক্ষেত্ৰ। যিসকল ছাত্ৰ-ছাত্ৰী এন. এছ. এছৰ লগত জড়িত তেওঁলোক আন ছাত্ৰ-ছাত্ৰীতকৈ এখোপ আগত আছে বুলি দীপক কুমাৰে উল্লেখ কৰে।ছাত্ৰ-ছাত্ৰীসকলে সপ্তাহত নূন্যতম ২ঘন্টা সময় সমাজৰ হকে প্ৰদান কৰিবলৈ তেওঁ উল্লেখ কৰে।
কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৱাচ বিশেষজ্ঞ (Wash Expert) বৰ্ণালী ঘোষে পানী, অনাময় আৰু স্বচ্ছতা সম্পৰ্কত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।অনাময় শৌচাগাৰ নিৰ্মাণৰ যোগেদি এখন সুন্দৰ সমাজ আৰু পৰিৱেশ গঠন কৰিব পাৰি।পানী, অনাময় আৰু স্বচ্ছতা কেনেদৰে অৰ্থনীতিৰ লগত জড়িত সেই সম্পৰ্কেও উল্লেখ কৰে। ফ্লৰাইডযুক্ত পানী ব্যৱহাৰৰ ফলত হ'ব পৰা হাঁড়, দাঁত, ছাল আদি বিভিন্ন বেমাৰৰ কথা উল্লেখ কৰি মাৰাত্মক কৰ্কট ৰোগৰ সম্ভাৱনীয়তা উল্লেখ কৰে।সেয়ে পানী পৰীক্ষা কৰিহে পান কৰিব লাগে বুলি উল্লেখ কৰে।
ঋতুস্ৰাৱ সম্পৰ্কীয় স্বচ্ছতাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক গাঁৱে-ভূয়েঁ সজাগতা সৃষ্টি কৰিবৰ বাবে আহ্বান জনায়। লগতে শিক্ষানুষ্ঠানসমূহক 'পেড বেংক' গঠন কৰি ঋতুস্ৰাৱ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনায়।
আজি এই কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা শ্ৰমদান কাৰ্যসূচীত নগাঁও পৌৰ সভাৰ সহযোগত অংশগ্ৰহণকাৰীসকলে কেইবাটাও বাণিজ্যিক এলেকাৰ পৰা জাৱৰ-জোঁথৰ সংগ্ৰহ কৰি পেলোৱাৰ ব্যৱস্থা কৰে। আজিৰ এই কৰ্মশালাত নগাঁও কলেজ (অট'ন'মাচ), নগাঁও ছোৱালী কলেজ, ড০ বিৰিষ্ণি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ৫০ গৰাকী এন. এছ. এছ সদস্য আৰু কাৰ্যসূচী বিষয়াই অংশগ্ৰহণ কৰে। আৰু নগাঁও কলেজ (অট'ন'মাচ) ৰ এন. এছ. এছ-২ গোটৰ কাৰ্যসূচী বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াই শলাগৰ শৰাই আগবঢ়ায়।
আৰু পঢ়ক: জুনিয়ৰ এছিয়ান পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ নিৰজ বৰাৰ সোণৰ পদক লাভ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us