/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/nd.png)
ডিজিটেল সংবাদ ,নগাঁও: গাহৰি,কুকুৰা,মৎস্য পালন আদিৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল কৰাৰ লগতে লিংগ সমতাৰো নিদৰ্শন দেখুৱাইছে নগাঁও জিলাৰ দক্ষিণপাটৰ এগৰাকী যুৱতীয়ে।নাম আৰতী সুত।বিভিন্ন প্ৰতিবন্ধকতাৰ মাজতো এই আৰতীয়ে আত্মনিৰ্ভৰশীল হোৱাৰ নিৰন্তৰ প্ৰয়াস কৰিছে।দক্ষিণপাট দেউৰীগাঁৱৰ এই শিক্ষিতা যুৱতী গৰাকীয়ে কিশোৰী অৱস্থাৰ পৰাই জটিল জীৱন সংগ্ৰামত ব্ৰতী হ'বলগীয়া হৈ আছিল।
পিতৃৰ পদাংক অনুসৰণ কৰি আৰতী এতিয়া গাহৰি,কুকুৰা পালন আদি কাৰ্যত ব্ৰতী হয়।আৰতীৰ পিতৃ প্ৰয়াত প্ৰদীপ সুত ক্ষুদ্ৰ ব্যৱসায়ী আছিল।পিতৃৰ মৃত্যুৰ পিছত আৰতীয়ে মাতৃ হৰেশ্বৰী সুত আৰু ভগ্নীৰ সৈতে মিলি গাহৰি,কুকুৰা আদি পালনৰে অৰ্থনৈতিক ভাবে স্বাৱলম্বী হোৱাৰ যুঁজত নামি পৰে ৷
আৰু পঢ়ক:অসমৰ ৬০ শতাংশ অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল AFSPA:মণিপুৰ, নাগালেণ্ডৰ বাবেও একেই সিদ্ধান্ত….
সমাজৰ ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনাই ১৯৮৬ চনত আৰতিৰ পিতৃয়ে গাহৰি,কুকুৰা পালনৰ ব্যৱসায় আৰম্ভ কৰিছিল ৷ লগতে সৰুকৈ গেলামালৰ দোকানো দিছিল ৷ পিতৃৰ মৃত্যুৰ পিছত আৰতিয়ে গাহৰী , কুকুৰা পালনৰ দায়িত্ব নিজে চমজি লয় ৷ লগতে মৎস্য পালনো আৰম্ভ ৷ বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালন কৰি যুৱতী গৰাকী যথেষ্ট লাভৱান হৈছে ৷ আৰতিৰ মতে ২০২০ বৰ্ষত কোভিডৰ বাৱে কিছু ক্ষতিৰ সন্মুখীন হৈছিল ৷ সেই বৰ্ষতে পিতৃ প্ৰদীপ সুত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় ৷ পিতৃৰ চিকিৎসাৰ সমস্ত দায়িত্ব মুৰ পাতি লব লগা হয় আৰতিয়ে ৷
২০২১ চনত পিতৃ প্ৰদীপ সুতৰ মৃত্যু হয় ৷ প্ৰত্যাহ্বান নেওচি আৰতি পুনৰ পিতৃয়ে গঢ়া ব্যৱসায়ত দুগুণ উৎসাহেৰে নামি পৰে ৷ গাহৰি,কুকুৰা পালনৰ ব্যৱসায় আগুৱাই নিয়া আৰতিৰ ভবিষ্যতৰ সপোন সফল আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে নিজক প্ৰতিষ্ঠিত কৰাৰ ৷ আৰতিৰ ফাৰ্মত উপলব্ধ মাংস, কনী আদি গ্ৰাহকে ফাৰ্মৰ পৰাই ক্ৰয় কৰি লৈ যায় ৷ ইয়াৰ পৰা উৰ্পাজন হোৱা ধনৰেই তিনিজনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ লগতে আৰ্থিক ভাৱে সবল হবলৈ ক্ৰমশঃ সক্ষম হৈছে ৷ কম পৰিসৰত এখন সুন্দৰ তামোল পানৰ বাৰি গঢ়ি তুলিছে ৷ তামোল পান বিক্ৰী কৰিও উৰ্পাজনৰ পথ মুকলি কৰিছে ৷
আৰু পঢ়ক:৫ জন বিধায়কৰ ভোট নাকচ হ'ব নেকি, মুখ্য নিৰ্বাচনী আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বৈঠক
পিতৃৰ দোকানখনি আৰতীয়ে ভগ্নীক পৰিচালনা কৰিবলৈ দিছে ৷ তেওঁলোকৰ দুটা প্ৰতিষ্ঠান আছে ৷ সেই দুটাৰ নাম দিছে মাতৃভাণ্ডাৰ আৰু মাতৃ ফাৰ্মিং ৷অতি কষ্টৰে এই দুটা প্ৰতিষ্ঠান গঢ়িছে ৷ আৰতীয়ে কলে ২০২০ চনত আমাৰ মাজলৈ এজাক ধুমুহা আহিছিল ৷ কভিডৰ সময়তেই দেউতা কেঞ্চাৰত আক্ৰান্ত হৈছিল ৷ দেউতাৰ চিকিৎসাৰ বাৱে বহুখিনি কৰিছিলো ৷ কিন্তু বচাব নোৱাৰিলো ৷ সেই দুখ কেতিয়াও পাহৰিব নোৱাৰিম ৷এই সময়ছোৱাত আমাৰ দিন বহু বেয়ালৈ আহিছিল ৷ প্ৰতিষ্ঠান দুটিও বহু দুৰ্বল হল ৷ ইয়াৰবাৱে বহুতৰ ওচৰত সহায় হাত বিচাৰিছিলো ৷ বহুতক অনুৰোধ কৰিছিলো ৷ কিন্তু কোনেও সহায়ৰ হাত আগনবঢ়ালে ৷ যুঁজি গলো ৷
সীমিত ধনেৰে প্ৰতিষ্ঠান দুটা জীপাল কৰি তুলিবলৈ প্ৰয়াস কৰি সফল হোৱাৰ কথা জনালে আৰতীয়ে ৷ সামাজিক বাধা ভেদি লিংগ সমতাৰ ভেটি নিৰ্মাণৰে আৰ্থিক স্বাৱলম্বীতাৰ ব্যতিক্ৰমী দৃষ্টান্ত দেখুওৱা আৰতী সুত এতিয়া বহুজনৰ বাবে প্ৰেৰণাৰ উৎস ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us