/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/oioidd.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: এতিয়া যেন একাংশ বিষয়া-অভিযন্তা-ঠিকাদাৰৰ বাবে সোনৰ কণী পৰা হাহঁত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ বিভাগটো ৷ উদাহৰণ স্বৰূপে নগাঁও জিলাৰ বেবেজীয়াৰ পানী যোগান আঁচনিৰ কেন্দ্ৰটো মেৰামতিৰ নামত সামান্য কাম কৰিয়েই বৃহৎ পৰিমাণৰ টকা আত্মসাতৰ ফান্দ পাতিছে বিভাগটোৰ ঠিকাদাৰ আৰু দায়িত্বপ্ৰাপ্ত অভিযন্তাই ৷
উল্লেখ যোগ্য যে,১৯৯০ চনত তেতিয়াৰ অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনতে স্থাপন হোৱা বেবেজীয়া পানী যোগান কেন্দ্ৰটো বৰ্তমানলৈকে ৰাইজক পানী যোগান ধৰি আহিছিল যদিও শেহতীয়াকৈ কেন্দ্ৰটোৰ মেৰামতিৰ কাম হাতত লোৱা হয়। কিন্তু মেৰামতিৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ অধীনস্থ ঠিকাদাৰে কৰোৱা কৰাৰ নমুনা দেখি বৃহত্তৰ বেবেজীয়াৰ স্থানীয় বাসিন্দা সকলৰ চকু কপালত উঠিছে ৷
এইক্ষেত্ৰত বেবেজীয়া পানীযোগান কেন্দ্ৰটিৰ লগত জড়িত হৈ থকা বহুকেইজন স্থানীয় ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত ৰাজহুৱা অভিযোগ উল্থাপন কৰি কয় যে যিটো সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পানীযোগান আচঁনিৰ শ্মশানযাত্ৰা হৈছিল সেই সময়টো বেবেজীয়া পানী যোগান কেন্দ্ৰটিয়ে বৃহত্তৰ বেবেজীয়া বাসী ৰাইজক নিয়মীয়াকৈ বিশুদ্ধ পানী যোগান অব্যাহত ৰাখিছিল ৷ যাৰ ফলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা বেবেজীয়া কেন্দ্ৰটিয়ে ৰাজ্যিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল ৷
কিন্তু পৰিতাপৰ বিষয় এই যে আজি কেন্দ্ৰটি মেৰামতিৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পঞ্জীয়নভুক্ত ঠিকাদাৰ জনে অভিযন্তাৰ লগত মিতিৰালি কৰি কেন্দ্ৰটিৰ নামমাত্ৰ কাম কৰিয়েই সিংহভাগ ধন আত্মসাতৰ ফন্দি পাতিছে ৷ ৰাইজে অভিযোগ কৰা মতে,পাম্প হাউছটো নতুনকৈ নিৰ্মাণ নকৰি কেন্দ্ৰটিৰ চাদ খনৰ ওপৰতে নতুনকৈ টিনপাত লগাই কাৰ্য সম্পাদন কৰি থয় ৷ ইয়াৰ ওপৰিও কেন্দ্ৰটিৰ বিদ্যুত কক্ষত দৰ্জা খিৰিকীত শিমলু কাঠ ব্যৱহাৰ কৰি একেবাৰে নিম্ন মানৰ কাম কৰি দায়িত্ব সামৰে ৷
অন্যহাতে কেন্দ্ৰটিৰ পানী টেংকীটো মেৰামতিৰ নামত সামান্যতম ৰং সানিয়েই দায়িত্ব সামৰা পৰিলক্ষিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ৷ আৰ্চযজনক বিষয়টো এইটো যে কেন্দ্ৰটোৰ মেৰামতিৰ নামত কিমান টকা আৱন্টিত হৈছে সেই কথা বিভাগীয় বিষয়াৰ পৰা জানিব বিচৰা হৈছিল যদিও সেই কথা ৰাইজক অৱগত কৰাৰ পৰা দায়িত্বপ্ৰাপ্ত বিষয়জন বিৰত থাকে ৷ এইক্ষেত্ৰত ৰাইজে নগাঁও সদৰ সমষ্টিৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু বিভাগীয় মন্ত্ৰীকে ধৰে সংস্লিষ্ট পক্ষৰ হস্তক্ষেপ দাবী কৰিছে ৷
আৰু পঢ়ক: "আৰ এছ এছ কাৰ্যালয়ৰ সন্মুখত নাছিল ৰাষ্ট্ৰীয় পতাকা" মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধীয়ে…